২০২২ বৰ্ষটো আমাৰ বাবে কোভিড-১৯ মহামাৰীৰ সমাপ্তিৰ বছৰ হ’ব লাগিব: বিশ্ব স্বাস্থ্য সংস্থা
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কৈছে, “২০২২ বৰ্ষটো আমাৰ বাবে কোভিড-১৯ মহামাৰীৰ সমাপ্তিৰ বছৰ হ’ব লাগিব।” তেওঁ লগতে কয়, “আগন্তুক বছৰত বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ সমাপ্তিৰ বাবে আমাৰ ক্ষমতাত সকলো কাম কৰিবলৈ আৰু বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ- এনে এক যুগ য’ত স্বাস্থ্য প্ৰতিখন দেশৰ উন্নয়ন পৰিকল্পনাৰ কেন্দ্ৰত আছে।”