১৮ বছৰীয়া এমা ৰাডুকানুৱৰ ইউএছ অপেন মহিলা একক খিতাপ জয়

pc- firstpost

১৮ বছৰীয়া এমা ৰাডুকানুৱৰ ইউএছ অপেন মহিলা একক খিতাপ জয়

অনলাইন বাৰ্ত্তাসেৱা- বিশ্বৰ ১৫০তম স্থানত থকা গ্ৰেট ব্ৰিটেইনৰ ১৮ বছৰীয়া টেনিছ খেলুৱৈ এমা ৰাডুকানুৱে ইউএছ অপেন মহিলা একক ফাইনেলত কানাডাৰ ১৯ বছৰীয়া লেলাহ এনি ফাৰ্ণাণ্ডেজক পৰাস্ত কৰি প্ৰথমগ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে। এমা ৰাডুকানুৱে এক ঘণ্টা ৫১ মিনিটত ৬-৪, ৬-৩ ৰ স্ক’ৰলাইনৰ সৈতে খেলখন জিকিছিল। ৰাডুকানু ৫৩ বছৰৰ পিছত ইউ এছ অʼপেনৰ খিতাপ জয় কৰা ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে।

 

(RT)