১৪ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন 

pcEastMojo

১৪ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ ২০২২ বৰ্ষৰ বাজেট অধিবেশন অহা ১৪ মার্চ, ২০২২ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব। চৰকাৰী কাৰ্যসূচী অনুসৰি ১৪ মার্চ সােমবাৰে ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ ভাষণ, ভাষণৰ ওপৰত ধন্যবাদ সূচক প্রস্তাৱ। অধ্যক্ষৰ বিধানসভাৰ ২০২২ চনৰ বাজেট অধিবেশনৰ বাবে কার্যসূচী স্থিৰ কৰি কার্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘােষণা, অধ্যক্ষৰ অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনােনীত সভাপতিসকলৰ নাম ঘােষণা, অধ্যাদেশ, নিয়মাৱলী, প্রতিবেদন ইত্যাদি দাখিল। বিধানসভাৰ বিভিন্ন সমিতিৰ প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নির্বাচনৰ প্ৰস্তাৱ, চৰকাৰী বিধেয়ক উপস্থাপন আৰু ২০২১-২২ বৰ্ষৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন। ১৫ মার্চ মঙ্গলবাৰে প্রশ্নসমূহ আৰু ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱৰ সম্পৰ্কত বিতর্ক। ১৬ মার্চ, বুধবাৰে প্রশ্ন শিতান, ২০২১-২২ চনৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত ভােটদান। ২০২২ চনৰ অসম বিনিয়ােজন বিধেয়কখউপস্থাপন, বিবেচনা আৰু পাৰিকৰণ আৰু অসম চৰকাৰৰ ২০২২-২৩বৰ্ষৰ বাবে বার্ষিক বিত্তীয় প্র-বিৱৰণ উপস্থাপ১৭ মার্চ,বৃহস্পতিবাৰে প্রশ্নসমূহ আৰু বাজেটৰ ওপৰত আলােচনা। ১৮ মার্চ বন্ধ, ১৯ মার্চ জিৰণি আৰু ২০ মার্চ বন্ধ। ২১ মার্চ সােমবাৰে প্রশ্নসমূহ আৰু বাজেটৰ ওপৰত আলােচনা। ২২ মার্চ মঙ্গলবাৰে, প্রশ্নসমূহ আৰু বেচৰকাৰী। সদস্যৰ কাৰ্যসূচী ক্রমে ও সদস্যৰ সময়, বিধেয়ক, সংকল্প প্রস্তাৱ, বিশেষ প্রস্তাৱ আদি। ২৩ মার্চৰ পৰা ২৭ মার্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে জিৰণি। ২৮ মার্চ সােমবাৰে, প্রশ্নসমূহ আৰু বিভাগীয় স্থায়ী সমিতিসমূহৰ প্রতিবেদন দাখিলৰ লগতে মঞ্জুৰীৰ বাবে ভােটদান। ২৯ মার্চ মঙ্গলবাৰে, প্রশ্নসমূহ, মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত ভােটদান আৰু ২০২২ চনৰ অসম বিনিয়ােজন বিধেয়ক উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ। ৩০ মার্চ বুধবাৰে, প্রশ্নশিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ।৩১ মার্চ বৃহস্পতিবাৰে, প্রশ্ন শিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পৰিতকৰণ। ১ এপ্রিল অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি প্রশ্ন শিতান, বে-চৰকাৰী সদস্যৰ বিধেয়ক, বিশেষ প্রস্তাৱ, সংকল্প প্রস্তাৱ আদি আৰু অনির্দিষ্টকালৰ বাবে বিধানসভাৰ অধিবেশন স্থগিত