১০-১৫ দিনৰ ভিতৰত মূল্যবৃদ্ধিৰ পৰিৱেশ স্বাভাৱিক হʼবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনত সকলো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মূৰত ৰাম-টাঙোন শোধাইছে। পেট্ৰ’লৰ দামে শতকৰ ঘৰ পাৰ কৰাৰ সমান্তৰালভাৱে ডিজেলৰ দামো শতকৰ ঘৰ স্পৰ্শ কৰিছে। ৰন্ধন গেছৰ দাম বৃদ্ধিয়েও ৰাইজক জুৰুলা কৰাৰ সময়তে শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ-মাংস-দাইল-মিঠাতেলৰ দামে ৰাইজক জলাকলা খুৱাইছে।মানুহৰ উপাৰ্জন হ্রাস পোৱাৰ সময়তে প্ৰতিটো সামগ্ৰীৰ আকাশলংখী মূল্যবৃদ্ধিয়ে জনসাধাৰণক ত্ৰস্তমান কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে মূল্যবৃদ্ধিৰ বোজা এটা ৰাইজৰ মূৰত আছে। মই ভাবোঁ আৰু কেইটামান দিনৰ ভিতৰত পৰিৱেশ স্বাভাৱিক হৈ যাব। ইমানদিনে অর্থনীতি খুব বেয়া হৈ আছিল। ১০-১৫ দিনৰ ভিতৰত এই পৰ্যায় অতিক্রম কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্রকাশ কৰে।