হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছাম

হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ হোটেল আৰু ৰেষ্টোৰাঁ সমূহৰ সংগঠন ‘হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছাম ‘ চমুকৈ HRAA ৰ বাৰ্ষিক সাধাৰণ সভা তথা অধিবেশন যোৱা ২১ মে’ দেওবাৰে সোনাপুৰস্থিত মে’ফেয়াৰ স্প্ৰিংভেলী ৰিজ’ৰ্টত অনুষ্ঠিত হৈ যায়। অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সংগঠনটোৰ বাৰ্ষিক অধিবেশনৰ এই অনুষ্ঠানত ২০২৩-২৪ বৰ্যৰ বাবে এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। মৃগাংক হাজৰিকাক সভাপতি হিচাপে বাছনি কৰা নতুন কাৰ্যনিৰ্বাহক সমিতিখনত বিক্ৰম ৰায়মেধি আৰু প্ৰণৱ দাসক উপ-সভাপতি, শাশ্বত পাৰ্থ শৰ্মাক সম্পাদক, ৰাজেন দত্তক যুটীয়া সম্পাদক আৰু শচীন্দ্ৰ গোস্বামীক কোষাধক্ষৰূপে বাচনি কৰা হয়। বাৰ্ষিক সাধাৰণ সভাৰ পাছতে এখনি অতিশয় গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰৰ বিষয় আছিল – ‘পৰ্যটন খণ্ড- এক নতুন পথ ; ৰাজ্য চৰকাৰে পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যদা প্ৰদান কৰাৰ ঠিক পৰৱৰ্তী পৰ্যায়ত পৰিলক্ষিত হোৱা নতুন সম্ভাৱনা – এক আলোকপাত’। গাম্ভীৰ্যপূৰ্ণ এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰে নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এচ‌ এল‌ এন মূৰ্তি, অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ সচিব কুমাৰ পদ্মপানী বৰা আদি বিশিষ্ট ব্যক্তিয়ে। তাৰোপৰি অন্যান্য অংশগ্ৰহণকাৰীসকল আছিল ক্ৰমে ভাৰত চৰকাৰৰ পৰ্য্যটন বিভাগৰ উ:পূ: মাণ্ডলিক সঞ্চালক অনিল অৰাও, শ্বিলঙৰ লালমিংচাংগা দে’ শ্বয়ান, তাজ গ্ৰুপৰ মাণ্ডলিক সঞ্চালক জয়ন্ত দাস, ৰঞ্জিত দাস, শ্যামকানু মহন্ত আদি। আলোচনাচক্ৰখন সঞ্চালনা কৰে হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছামৰ বিদায়ী সভাপতি সুনীল চাৰাফে। ‘হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছাম’ৰ এই বাৰ্ষিক অনুষ্ঠানতে HRAA Excellence Award 2023 প্ৰদান কৰা হয়। এইবাৰ এই বঁটা প্ৰকৃতি সুৰক্ষা কৰ্মী প্ৰসন্ন কলিতা আৰু স্থানীয় পৰ্যটনৰ প্ৰচাৰ তথা প্ৰসাৰৰ হকে অহৰ্নিশে কাম কৰি থকা বিশিষ্ট পৰ্যটনকৰ্মী কৌশিক নাথলৈ আগবঢ়োৱা হয়। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই বঁটা প্ৰদান কৰে। সদ্যসমাপ্ত মাষ্টাৰ চেফ প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ্চ আপ শান্তা শৰ্মাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ফেশ্বন শ্ব’ৰ আয়োজন কৰা হয়। ২৭ গৰাকী মডেলৰদ্বাৰা ডিজাইনাৰ প্ৰিয়ংকা ডি পাটোৱাৰী আৰু সুৱাংপি গগৈয়ে অসমৰ উল্লেখযোগ্য থলুৱা বস্ত্ৰৰদ্বাৰা প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সাজপাৰ প্ৰদৰ্শন কৰে । ফেশ্বন শ্ব’ৰ অনুষ্ঠান পৰিচালনা কৰে হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছামৰ নতুন উপ-সভাপতি বিক্ৰম ৰায়মেধিয়ে। অনুষ্ঠানত ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ শিল্পীৰ এটা দলে বিহু প্ৰদৰ্শন কৰে। হোটেল এণ্ড ৰেষ্টোৰাঁ এচ’চিয়েচন অব আছামৰ নতুন সভাপতি মৃগাংক হাজৰিকাই অসমৰ হোটেল আৰু পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ বাবে সংগঠনটো বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰে।