হে! নৱবর্ষ স্বাগতম – সুনম বিশ্বাস

হে! নৱবর্ষ স্বাগতম

 সুনম বিশ্বাস,গোৰেশ্বৰ, তামুলপুৰ

শত সহস্র দুখৰ জুইকুৰা
বুকুত গুজি,
আঁকোৱালি লম তোমাক
আহা তুমি সকলোৰে
সুখৰ পদুলিত নৱ আশাৰ
উদিত কিৰণ হৈ।
হেৰাই যোৱা মৰহা পাপৰিৰ
নৱ সুবাসেৰে
মুখৰিত কৰিবলৈ।
সপোনৰ সোপানখন লৈ
বিৰাজ কৰা সকলোৰে জীনৱত ,
দুখ-কষ্টৰ আঘাতবোৰ
মৰম – চেনেহৰ বেণ্ডেজেৰে  ঢাকি
শান্তিৰ নিজৰা বোৱাই দিয়া
তোমাৰ আগমনিৰ পথত।
কঙালৰ আঁচলৰ ধন হ’বা তুমি
অন্ধৰ পথৰ লাখুঁটি হ’বা
পংগুৰ ভৰিৰ পেং হ’বা,
যাযাবৰৰ স্থিৰাবাস হ’বা
অনাথৰ নাথ হ’বা
বন্ধ্যাৰ শূন্য  জীৱনৰ
কোলাৰ কেঁচুৱা হ’বা তুমি ।
মাউৰাৰ পিতৃ-মাতৃ হ’বা
ঘাট – মাউৰাৰ গোটেই পৃথিৱীখন।
প্ৰকৃতিৰ ৰম্যভূমিত
পশু – পক্ষীৰ , জীৱ – জন্তুৰ
স্বাচ্ছন্দ্যে জীয়াই থকাৰ
আবাধি হ’বা ।
ঘোৰ অন্ধকাৰাচ্ছন্ন জীৱনৰ
নৱ ৰশ্মিৰ শলিতা জ্বলাবা তুমি।
নিঠৰুৱা সর্বস্বান্ত পথিকৰ
ছাঁ হ’বা তুমি ,
সীমাহীন আশা – ভৰশাৰ
সেউজীয়া পথাৰখন
ফুলে ফলে ফুলি  তমস্কাৰ হৈ
সোনোৱালী আনন্দৰ জোৱাৰ
তুলিবা তুমি ।
তোমালৈ কাতৰ অনুৰোধ সদৌ শেষত
আপোনক হেৰুৱাৰ তিক্ত বেদনাৰ
কাৰণ, নহ’বা তুমি
হে ! নৱবর্ষ  স্বাগতম তোমাক।