হে জ্ঞানৰ পূজাৰী! – হেৰম্ব নাথ

Pc StockCake

হে জ্ঞানৰ পূজাৰী!

হেৰম্ব নাথ

হে জ্ঞানৰ পূজাৰী!
সুভাষিত প্ৰত্যয় তোমাৰ
শিষ্যক জ্ঞানৰ কান্তিৰে
আলোকিত কৰাৰ
অনন্ত হাবিয়াস শিষ্যক
মানৱ সম্পদ ৰূপে গঢ়াৰ
জ্ঞানৰ সুশীল স্তাৱক তুমি
মনত নাই কোনো বৈষম্য
সমদৃষ্টিৰে প্ৰস্তুত প্ৰজন্মক
জ্ঞান বৃক্ষৰ ছাঁত
আশ্ৰয় দিবলৈ
জ্ঞান উণ্মীলনৰ প্ৰাচীৰ নহয়
তোমাৰ প্ৰতিকূল পৰিবেশ
দৃঢ় তোমাৰ মানসিকতা
বিচ্যুত নোহোৱা তুমি স্ব-কৰ্মৰ পৰা
স্ৰষ্টা তুমি সভ্যতাৰ
ত্যাগৰ বাঙ্ময় বিভাস
শিষ্য সমাৰ্থক তপোনিধিৰ স্বপ্ন সাৰ্থক
তোমাৰ একনিষ্ঠ সেৱাত
উন্মোচিত শিষ্যৰ জ্ঞানোদ্ভাস
মানবাত্মাৰ প্ৰত্যাশী শোভাৰে বিতোপন তুমি
শিষ্যৰ অক্ষিপটত আজন্ম প্ৰণামী সত্তা।
(স্বয়ংসম্পূৰ্ণ সত্তা)
তোমাৰ কল্মষবিহীন দুহাতত
আলোকৰ চাঁকি
যি আলোকে আঁতৰাই
শিষ্যৰ সমস্ত অন্ধকাৰ
যাৰ বাবে তুমি বিশ্বত
সমাদৃত গুৰু!
নৈতিকতাৰ সূত্ৰধাৰ
অজ্ঞাতকৃত ভুলৰ সহিষ্ণু
হে জ্ঞানৰ পূজাৰী!
আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত
অনুপ ঋদ্ধিৰে স্মৃত তোমাৰ
জ্ঞান-প্ৰজ্ঞাৰ বিশালতা-প্ৰসিদ্ধি।
প্ৰাজ্ঞ-মনীষাৰ গুণানুকীৰ্তন
জ্ঞান প্ৰদানৰ ঈশদৃষ্ট প্ৰাংশু তুমি।
জিজ্ঞাসুৰ প্ৰাণত অতিন্দ্ৰিয় উপলব্ধিৰে
তুমি দেৱ
তুমি সেৱ
তুমি উপাস্য
তুমি  অনন্য।
হে জ্ঞানৰ পূজাৰী!
(শিক্ষক দিৱস উপলক্ষে শ্ৰদ্ধাৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ হাতত আন্তৰিকতাৰে উৎসৰ্গিত)