হেৰুৱা মাদকতা-ময়ূৰাক্ষী গগৈ

Pc A plus topper

হেৰুৱা মাদকতা

মনত পৰেনে বাৰু বন্ধু,
তাহানিৰ সেই
সেলেঙি ধৰা মুখৰ ককা আৰু
থুনুক্-থানাক মাতৰ নাতি ল’ৰাৰ
আপোনভোলা হাঁহি বোৰ।

মনত পৰেনে বাৰু বন্ধু,
চেংগুটি,টাংগুটি খেলি
নিজকে পাহৰি যোৱা
শৈশৱৰ ধেমেলীয়া দিনবোৰ।

মনত পৰেনে বাৰু বন্ধু,
সোণোৱালী পথাৰত
দাৱনী হঁতে খোৱা মুখলৈ পানী অহা
ৰবাব টেঙাৰ সোৱাদ বোৰ।

মনত পৰেনে বাৰু বন্ধু,
পাকঘৰৰ জুহালত ৰন্ধা
আইতাৰ হাতৰ জুতিলগা
মাছৰ টেঙা আঞ্জা খন।

তাহানিৰ সেই মাদকতা বোৰ,
পাহৰিব পাৰিনে বাৰু বন্ধু ?

ময়ূৰাক্ষী গগৈ

যোৰহাট