হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসত বিশ্বাভিলেখৰ প্ৰমাণপত্ৰৰে শ্ৰদ্ধাঞ্জলি
ৰঙিলী বাৰ্ত্তাসেৱা- ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ স্মৃতি দিৱসটোতে বিশ্বৰ সর্ববৃহৎ ’হেমকোষৰ ব্ৰেইল সংস্কৰণ’টোৰ বাবে গীনিজ কর্তৃপক্ষই আনুষ্ঠানিকভাৱে বিশ্বাভিলেখৰ প্রমাণপত্রখন “সাদিন-প্রতিদিন” গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্রদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া,মন্ত্ৰী পীয়ূয হাজৰিকা, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্রতাপজ্যোতি সন্দিকৈ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাৰতেন্দু পাণ্ডে প্রমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ৷ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে বিশ্ববিদ্যালয়খনত স্থাপন কৰা ভাষাৰ ওজা গৰাকীৰ প্রতিমূর্ত্তিত উপস্থিত ব্যক্তি সকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ “অসমীয়া প্রতিদিন” কাকতৰ বিষয়া হেমন্ত ভাগৱতীৰ আমন্ত্রণ মৰ্মে উক্ত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷