হেঁপাহৰ শৰত- মেঘালী দেৱী

Pc- NE Focus

 হেঁপাহৰ শৰত

✒️মেঘালী দেৱী
দেৰগাওঁ

শুকুলা মেঘে যেতিয়া,
এটোপ- দুটোপ চকুলোৰে
কান্দিলে,
জিলমিলীয়া ৰ’দালীয়ে
যেতিয়া হাঁহিলে
মোৰ গহন কোণত
কোনোবাই টুকুৰিয়ালে
বৰ্ষা বিদায়!!

আৰু
ঋতুৰাণীৰ আগমন।
চাৰিওফালে চকু ফুৰালোঁ
মেটমৰা সৌন্দৰ্য্যৰে ভৰপূৰ
ধৰিত্ৰী।
হেঁপাহ নপলায়,
আকলুৱা নয়ন
খেতিয়কৰ বাখৰুৱা প্ৰাণত
সোণগুটিৰে পৰিপূৰ্ণ শ্যামলী লখিমী।

শ্ৰমৰ সাৰ্থকতাত
লহপহীয়া হাঁহি
নিমিষতে দূৰ হ’ল ক্লান্তি।
আৰু যেন জীপাল হয়,
ধৰিত্ৰী আইৰ অসুখত দিশহাৰা হোৱা
জনতাৰ মৰহা মনবোৰ,
বিলীন হওক যেন এই শৰততে।