হেঁপাহৰ মজিয়াখন- পাহাৰী শইকীয়া

Pc Magic Brick
হেঁপাহৰ মজিয়াখন
পাহাৰী শইকীয়া
                    যোৰহাট
গাওঁৰ ঘৰৰ মজিয়াখনত বহি খোৱাৰ আনন্দই সুকীয়া।ওখোৰা-মোখোৰা মজিয়াখনৰ মাটিৰে লিপা মাটি-মাটি গোন্ধটো  যেন আজিকালি পাবলৈ নাইকীয়া হৈছে।কাচিৎহে আজিকালি দেখিবলৈ পোৱা যায়।যুগৰ পৰিৱৰ্তন হৈছে।মজিয়াৰ পকীকৰণ হ’ল,টাইলছ আদিৰে মজিয়াখন শুৱনী কৰিবলৈ ধৰিলে।মজিয়াৰ পৰিৰ্বতে ড্ৰাইনিংৰ ব্যৱস্থা হ’ল। পীড়াখন পাৰি,কাষত ঘটিটো লৈ,বৰদেউতা,ককা-আইতা,দেউতা,খুৰা আদিয়ে একেলগে খোৱাৰ সেই পৰিবেশটো যেন আজিকালি হেৰাই যাব ধৰিছে।য’ত ঘৰৰ জেষ্ঠজনে দিনটোৰ খতিয়ান,ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ হিচাপ আদি খোৱাৰ সময়ত এই কেঁচা মজিয়াখনত বঢ়িয়েই লৈছিল।একপ্ৰকাৰ মাটিৰ গোন্ধ থকা সেই পৰিবেশ,সুষ্ঠ বাতাবৰণ সমূহ আজি যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে।য’ৰ পৰা আমি এদিন শিক্ষা,সংস্কাৰ আৰু শিষ্টাচাৰৰ আদিপাঠ পাইছিলোঁ,সেই দিনবোৰ যে আকৌ কোনোদিনেই ঘূৰি নাহে।যৌথ পৰিয়ালত এই কেঁচা মজিয়াখনতে বহি পুৰুষ সকলে আগত আৰু মহিলা সকলে পিছত ভাত খোৱাৰ সেই চিত্ৰখনে আজিও মনত দোলা দিয়ে।যিহেতু আজিকালি প্ৰায়ে একক পৰিয়াল দেখা পোৱা যায়।সেই আপুৰুগীয়া আনন্দ,উল্লাহৰ পৰিবেশ আজি যেন অট্টালিকাৰ জন অৰণ্যত হেৰাই যাব ধৰিছে।সেই একতাৰে ভৰা কেঁচা মজিয়াখনেই আছিল প্ৰতিখন ঘৰৰ ঘাই শিপা।বৰ্তমান পৰিৱৰ্তনৰ সোঁতত এই সকলো নিঃশেষ হ’ব ধৰিছে।