হৃদয় ভাঙিলেহে শিক্ষা হয় – শৈলেন কুমাৰ 

Pc BBC

হৃদয় ভাঙিলেহে শিক্ষা হয়

সচৰাচৰ দেখিবলৈ পোৱা যায়,যেতিয়া এজন ব্যক্তিৰ আনজন ব্যক্তিৰ লগত প্ৰেম হয়,সেই প্ৰেমক দুয়োজনে সত্যনিষ্ঠাৰে পালন কৰিব বিচাৰে ৷ সত্যত থাকি, নিস্বাৰ্থভাবে দায়িত্ব পালন কৰিব বিচাৰে,ইজনে আনজনক সুখত ৰাখিবলৈ সংকল্পৱদ্ধ হয়,কিন্তু তাৰপাছতো প্ৰতাৰিত হৈ হৃদয় ভাঙি যোৱা দেখিবলৈ পোৱা যায় ৷ প্ৰেমৰ অৰ্থ হ’ল আকৰ্ষণ। কোন এটা বস্তু অথবা ব্যক্তি এজন ভাল লাগিলে তাৰলগত সম্পৰ্ক গঢ়া,সম্বন্ধ স্থাপন কৰাৰ হাবিয়াস আৰু সুখৰ অনুভূতিৰ বিচাৰ ৷ আমি সাধাৰণতে বিচাৰ কৰিব নেজানো যে আমাৰ কাৰণে কি ভাল?আৰু কোন ব্যক্তি ভাল? কিন্তু আমি নিজকে সান্তনা দিওঁ যে আমি সকলো কথা জানো ৷ আমি আনক যি হোৱাত বিচাৰোঁ,সেই ব্যক্তিজন তেনে নহবওঁ পাৰে,লগতে সম্পৰ্ক এটাক আমি যি ভাৱোঁ,সেই সম্পৰ্ক বা সম্বন্ধ তেনে নহবওঁ পাৰে,গতিকে তাৰবাবে হৃদয় ভাঙি যোৱাত দৰকাৰ ৷ যেতিয়ালৈ হৃদয় নাভাঙে তেতিয়ালৈ ভিতৰৰ মিছাবোৰো নাভাঙে । যেনেদৰে এজন অন্ধ ব্যক্তিয়ে নিজৰ পথ নেদেখে আৰু নিজৰ লক্ষ্যৰ জ্ঞান নহয়,তেতিয়া সেই অন্ধ ব্যক্তিজনক চিকিৎসাৰ প্ৰয়োজন হয় চকুৰ লগতে প্ৰশিক্ষণৰ প্ৰয়োজন হয় বিনা চকুৰ দৃষ্টিৰে পথ চাবলৈ,কিন্তু যদি চিকিৎসা আৰু প্ৰশিক্ষণ নলৈ নিজৰ লক্ষ্য বিচাৰি যায় তেতিয়া উজটি খোৱাটো বাঞ্ছিত ৷ আৰু উজটি খালেহে সম্পৰ্কৰ জ্ঞান হয় ৷ অজ্ঞানতা দুয়োজনৰে থাকে,সত্য আৰু বাস্তৱ দুয়োজনে নাজানে ৷ সত্য আৰু বাস্তৱ নাজানিলে উজটি খাবই ৷ সৰুকৈ উজটি খালে আমাৰ অনুভৱ নহয় গতিকে ডাঙৰ উজটিৰ প্ৰয়োজন হয় ৷ যেতিয়া অতীতৰ মুহূৰ্তবোৰৰ কথা মনত পৰে তেতিয়া অনুভৱ হয়,সেইবোৰ আচলতে কি আছিল ? যদি সেইবোৰ সঁচা আছিল তেতিয়া আজি দুখ কিয়? আৰু যদি মিছা আছিল তেতিয়া হ’লে সেই মিছা মই কিয় দেখা নেপালোঁ ৷ ইয়াত দুয়োজনৰ দোষ নাথাকে কাৰণ আৰম্ভণিৰ পৰা আমাক যেনেকৈ সংস্কাৰিত কৰা হৈছে তাত বিভিন্ন ধৰণৰ জাল বান্ধি থোৱা হৈছে,আৰু সেই জালক লগত লৈ আমি সম্বন্ধ স্থাপন কৰোঁ,যাৰফলত সম্পৰ্কবোৰত দুখ আৰু উজটি খোৱা যায় ৷ আৰু উজটিৰ দৰকাৰ হয় তেতিয়াহে আমি নিজক স্বম্ভালি,নিজক যোগ্য বনাই আৰু ভৱিষ্যতে সঁচা আৰু শুদ্ধ সম্পৰ্ক স্থাপন কৰিব পাৰিম ৷ সকলোতকৈ ডাঙৰ উজটি সেইজনে খায়,যিয়ে সত্যত থাকে আৰু বিশ্বাসী হয় ৷ সত্য আৰু বিশ্বাসৰ পৰিণতি হ’ল প্ৰতাৰণা ৷ বিশ্বাস তেতিয়া কামত আহে যেতিয়া গম পোৱা যায় কাক বিশ্বাস কৰিব লাগে,সত্য আৰু বিশ্বাসত সদায় এজনে আনজনক তলৰ পৰা উঠাই ওপৰলৈ নিবলৈ চেষ্টা কৰে ৷ কিন্তু যাক আমি তলৰপৰা ওপৰলৈ উঠোৱাৰ চেষ্টা কৰোঁ কিন্তু সেইজনে ওপৰলৈ উঠিবলৈ কোনো ইচ্ছা প্ৰকাশ নকৰে ,তলত আছে আৱৰ্জনা,নলানৰ্দমাত আছে তাতে সুখ পায় আছে ৷ কিন্তু আমি উপলব্ধি কৰিব নাজানো যে তলত থাকিব বিচৰাটো সম্মুখৰ জনৰ দোষ নহয়,দোষ হৈছে সংস্কাৰৰ কাৰণ আমি সৰুৰেপৰা পৰা সংস্কাৰৰ মকৰাজালত আৱদ্ধ ৷ কিন্তু আমি সেয়া নুবুজি আনজনৰ ভালৰ চিন্তা কৰোঁ আৰু উজটি খাওঁ ৷ হৃদয় সেইজনৰ নাভাঙে যিজনে নৰ্দমাত থাকিবলৈ প্ৰস্তুত,হৃদয় সেইজনৰ ভাঙে যিজনে সদায় হৃদয়ৰ ভৰষাত চলে ৷ যিজনৰ হৃদয় আনৰ তুলনাত ছাফা সেইজনৰ হৃদয় সদায় ভাঙে ৷ আৰু হৃদয় ভাঙি যোৱাটো উচিত কাৰণ জীৱনে তেতিয়া শিক্ষা দিব বিচাৰে ৷ আমি য’ত সুখ অনুভৱ কৰোঁ তাত আমি বেছি জানিবলৈ নিবিচাৰোঁ কিন্তু আমি নাজানিলেও সত্য শেষ হৈ নেযায় ৷ অত্যধিক কথাবতৰা প্ৰেমিকপ্ৰেমিকাৰ মাজত হয়,আৰু সকলোতকৈ মিছা কথা সদায় প্ৰেমতে কোৱা যায় ৷ পৃথিৱীৰ সকলো কথা কোৱা যায় কিন্তু আচল কথা কোৱা নহয়,আচল কথা নোকোৱাৰ কাৰণ সুখৰ পৰা বিমুখ হোৱাৰ ভয় ৷ আৰু যাৰফলত ছেকেণ্ডত সম্পৰ্ক এটা শেষ হৈ পৰে ৷ আচল কথা হ’ল প্ৰেম আৰু ৰোমাঞ্চ এইবোৰ হ’ল আমাৰ ভিতৰত থকা মুৰ্খামি ৷ কাৰণ এজন ব্যক্তি মুৰ্খ সদায় প্ৰেমত পৰিয়ে হয় ৷ সম্মুখৰ জনে প্ৰতাৰণা নকৰে,প্ৰতাৰণা আমাক আমাৰ ভিতৰৰ মুৰ্খামিহে কৰে ৷আচলতে প্ৰেম হ’লে গম পোৱা যায়,আমি কিমান জানো ৷ প্ৰেমত যাৰ কণ্ঠ কুলিকেতেকীৰ দ্বৰে লাগে উজটি খোৱাৰ পাছত সেই মাতে কাউৰীৰ মাতৰ দ্বৰে শুনিবলৈ পোৱা যায় ৷ ইয়াত সম্মুখৰ জনৰ ভুল নাই,ভুল নিজৰ কাৰণ নিজৰ সেই দৃষ্টি নাছিল সম্মুখৰ জনক চিনি পোৱাৰ ৷ যিটো প্ৰেমত হোচ নাথাকে সেই প্ৰেমে পাছলৈ গৈ হোচ আনি দিয়ে ৷ প্ৰেমৰ আন্তঃগাঁথনি যদি বেহোচ হৈ কৰা যায়,সেই বেহোচ প্ৰেমে পাছত এনে দুখ দিয়ে যাৰফলত চেতনা আৰু হোচ ঘুৰি আহে ৷ উজটি সেই প্ৰেমতে খোৱা যায় যিটো শুদ্ধ আৰু ছাফা ৷ কিন্তু কিছুমানে সেয়া অনুভৱ নকৰি নৰ্দমা আৰু আৱৰ্জনাত আৱদ্ধ হৈ পৰে ৷

শৈলেন কুমাৰ 
মিৰ্জা