জালুকবাৰীত দিল্লী আৰু পুণেৰ ফৰেনছিকৰ দল উপস্থিত

জালুকবাৰীত দিল্লী আৰু পুণেৰ ফৰেনছিকৰ দল উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা–  জালুকবাৰীত দিল্লী আৰু পুণেৰ ফৰেনছিকৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅ আৰু ডি আই বাহনখন তন্ন তন্ন কৈ দলটোৱে পৰীক্ষা কৰে। ফৰেনছিকৰ দলটোৱে বাহনসমূহৰ পৰা নমুনা সংগ্ৰহ কৰিছে। ইয়াৰ পিছতেই জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখত ফৰেনছিকৰ CRASH INVESTIGATION TEAM উপস্থিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনি পৰিদৰ্শন কৰে দলটোৱে। কেনেকৈ স্কৰপিঅ বাহনখনে ডিভাইডাৰ অতিক্ৰম কৰি বিপৰীত লেন পাইছিল সেই দিশটো পৰীক্ষা কৰে দলটোৱে। উল্লেখ্য যে, দেওবাৰে মাজনিশা জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী স্ক’ৰপিঅ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই বিপৰীত লেনত অহা এক ডি আই বাহনত খুন্দা মাৰিছিল।