” হৃদয়ৰ বন্তি ” – বিশ্বজিৎ বৰা

p.c. Freepik

” হৃদয়ৰ বন্তি “

আজি মই মোৰ চৌপাশে কেৱল
সেউজীয়া দেখিছো,
হৃদয়ত যেন আকৌ নতুনকৈ
সেউজীয়াবোৰে বৰকৈ আমনি কৰিছে।
ইমান দিনে সযতনে সাঁচি ৰখা মৰমবোৰ
আজি কৰোবাক মন গৈছে যাচিবলৈ।
মনত আজি এক অপাৰ আনন্দ,
এক আকলুৱা মৰমে মোক আহি কৈছে
তই আৰু নহয় অকলশৰীয়া।
তোৰ বাবে বাট চাই ৰৈ আছে,
এক মিঠা ভালপোৱাৰ বাস্তৱ।
নিজৰ বুকুৰ সাঁচতীয়া সেউজীয়া মৰমবোৰ বিলাবলৈ
পাইছো এক সংগী।
মোৰ মনৰ বন্তি গচি জ্বলাবলৈ
এডাল শলিতা হৈ আহিছা তুমি।
এই শলিতা চিৰযুগমীয়া কৰি লোৱাৰ হেপাহ
জাগিছে মনত
হৃদয়ৰ বন্তিৰ পোহৰেৰে উজলাম
আমাৰ দুয়োৰে জীৱন……।।

বিশ্বজিৎ বৰা
গুৱাহাটী,অসম