হিন্দুৰ প্ৰতি চূড়ান্ত অশালীন মন্তব্য বদৰুদ্দিন আজমলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আকৌ হিন্দু-মুছলমানৰ ৰাজনীতিয়ে তোলপাৰ লগাইছে ৰাজ্য।এইআইইডিএফৰ অধ্যক্ষ বদৰুদ্দিন আজমলে হিন্দুক লৈ কৰা মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ। কার্যতঃ বিকৃত মানসিকতাৰ পৰিচয় দিয়া আজমলে হিন্দুৰ প্ৰতি চূড়ান্ত অশালীন মন্তব্যই কৰা নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো ঘৃণনীয় মন্তব্যৰে সাঙুৰি ল’লে। কৰিমগঞ্জত আজমলে কৰা মন্তব্যৰ জৰিয়তে কার্যতঃ হিন্দু সমাজৰ প্ৰতি এআইইউডিএফৰ সভাপতিজনৰ মানসিক দৃষ্টি কি সেয়াও স্পষ্ট হৈ পৰিল। লাভ জেহাদ, জনসংখ্যা বৃদ্ধিৰ প্ৰসংগক লৈ আজি এআইইউডিএফৰ মুৰব্বীজনে হিন্দু সমাজক উদ্দেশ্যি অশালীন মন্তব্য কৰি কয়— হিন্দুসকলে ৪০ বছৰ বয়সলৈকে বিয়া নাপাতে। ইয়াৰ বিপৰীতে সেই সময়লৈকে বহুতৰে সৈতে অবৈধ সম্পৰ্ক ৰাখে। ৪০ বছৰৰ পাছত পৰিয়ালৰ হেঁচাত বাধ্যত পৰিহে এজনী ছোৱালীক বিয়া পাতে। ৪০ বছৰৰ পাছত বিয়া পাতিলে সবল সন্তান কেনেকৈ জন্ম হ’ব? সময়ত খেতি নকৰিলে ভাল ফল কোনেও নাপায় । তেওঁলোকে মুছলমানৰ ফর্মুলা লোৱা উচিত। মুছলমানসকলে ১৮-২২ বছৰৰ ভিতৰতে নিকাহত বহে। দুই নম্বৰী মুছলমানে নকৰে। এজন পিতৃ তথা এটা ৰাজনৈতিক দলৰ মুৰব্বী, এজন সাংসদৰ এনে ৰুচিহীন মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্র বিতর্ক। আজমলে কি উদ্দেশ্যে এনেধৰণৰ মন্তব্য কৰিলে তাক লৈ চৰ্চা হ’লেও আজমলৰ ৰুচিহীন আৰু সুচিন্তাহীন এনে বক্তব্য যে হতাশগ্রস্ততাৰ লক্ষণ সেয়া স্পষ্ট হৈ পৰিছে। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাকো লাভ জেহাদ কৰিবলৈ মুকলিকৈ আহ্বান জনোৱা আজমলে আনকি মুখ্যমন্ত্ৰীক লৈও একাধিক অৰুচি আৰু পৰিয়ালে শুনিব নোৱাৰা মন্তব্য কৰে।