“হাজং সমাজত ব’হাগ মাহৰ বিশেষ বাস্তু পূজা” – পম্পী হাজং

pc Beliefnet

         হাজং সমাজত বাইস পূজা বা বাস্ত পূজা হ’ল এক অন্যতম প্রধান পূজা। অর্থাৎ হাজং সমাজত মূল আৰাধ্য দেৱতাই হৈছে বাইস বা বাস্তু দেৱতা। হজংসকলে প্রকৃতিৰ নানা অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু সুখে সন্তোষে থাকিবৰ কাৰণে বাস্তু দেৱতাৰ পূজা কৰে। হাজংসকলৰ প্ৰতিখন গাঁও বা একোটা চুবুৰীৰ সমাজৰ মাজত একোটাকৈ বাইসশালী থাকে তেঁওলোকে। বছৰৰ প্ৰথম মাহ ব’হাগত এই পূজা কৰে। বাইস দেওক পঠা ছাগলী, কাছ, পাৰ কোমোৰা আদি বলি দিয়া হয়। পূজাত ঘৰুৱা মদ আদিও আগবঢ়োৱা হয়। হাজংসকলৰ এই বিশেষ পূজাক কৃষি পূজা বুলিও কোৱা হয় কিয়নো কৃষিৰ উৎকর্ষ সাধনেই এই পূজাৰ মূল লক্ষ্য।

         হাজংসকলৰ বাস্তু পূজাত মুৰ্ত্তিৰ কোনো স্থান নাই বা মূৰ্ত্তিৰ স্থান গৌণ। বাস্তু পূজাক বসতি ৰক্ষক আৰু গাঁওৰ প্ৰতিপালক পূজা বুলি হাজংসকলে যুগে যুগে বিশ্বাস কৰি আহিছে। এই পূজাত কোনো মূৰ্ত্তি স্থাপন কৰা নহয় যদিও মাটি বা আটাৰে নির্মিত ক্ষুদ্রাকৃতিৰ ঘোঁৰা আৰু হাতীৰ মূৰ্ত্তি স্থাপন কৰা হয়। কিন্তু এই মুৰ্ত্তি উপাৈস্য দেৱতাৰ প্ৰতীক বুলিব নোৱাৰি। এই ঘোঁৰাৰ মূৰ্ত্তিয়ে অসমৰ হাজোত থকা হয়গ্ৰীৱ মন্দিৰক প্রতিনিধিত্ব কৰে বুলি হাজংসকলে বিশ্বাস কৰে। কিন্তু আচলতে বাস্তু পূজাৰ মূল উপকৰণ হ’ল এটি পাথৰ খণ্ডহে, কোনো মূৰ্ত্তি বা দেৱী প্রতিমা নহয়। এই পূজাত মাটিৰে নির্মিত একাঠু বেদীৰ ওপৰত স্থাপিত উক্ত শিলাখণ্ডৰ উপৰিও লক্ষ্মী ঠাকুৰ আৰু বাৰ দেও নামেৰে আন বাৰটি উপদেৱতা যেনে- কামাখ্যা, লক্ষ্মী, পাৱনী, চৰাবুৰি, আন্দাহুৰা, হমহমী-দমদমী, দাদৰী, খাংখাঙী আদি উপদেৱতাক একে শাৰীতে পাৰ, কাছ আদি পঠা বলিৰে ধূপাৰতি নিবেদন কৰা হয়। হাজংসকলৰ বাস্তু পূজা বিশেষভাৱে পুৱৰ ভাগত পতা হয়। কিন্তু এই পূজা পতাৰ কোনো নির্দিষ্ট দিশ বা দিন নাই যদিও বছৰেকীয়াভাৱে বাংলাদেশত পুহ সংক্রান্তি আৰু ভাৰতত ব’হাগৰ কোনো এটি শুভ দিনত ৰাজহুৱাভাৱে গাঁওৰ পৰা নিলগত কোনো গছৰ তলত সম্পন্ন কৰা হয়।

       হাজং সমাজত বাস্তু পূজা সম্পাদনৰ পূৰ্বে খেতি মাটিত হাল বেৱাৰ নিয়ম নাই। এই পূজাত হাজং সকলৰ সমাজৰ কেইগৰাকীমান সধৱা মহিলাৰ উপস্থিতি জৰুৰী অঙ্গ বুলি বিবেচিত হয়। হাজংসকলে বাস্তু পূজা মণ্ডপৰ পৰা নংটাঙে প্ৰত্যাৱৰ্তন নকৰাকৈ ভোজনকাৰ্য আৰম্ভ হোৱাৰ নিয়ম নাই। উৰুলী-ধ্বনি, বাদ্য-বাজনা, চলনী-বাতিৰে বাস্তুশালীৰ পৰা নংটাঙক আদৰি অনাৰ পিছত তেওঁক ভৰি ধোৱাই গৃহ প্রৱেশ কৰা হয় আৰু নংটাঙৰ ভোজনৰ পৰা আশীৰ্বদ স্বৰূপ সামান্য পৰিমাণৰ চাউল সকলোৱে গ্ৰহণ কৰাৰ প্রথা প্রচলিত হোৱা দেখা যায় ইয়াক হাজং ভাষাত ‘লক্ষ্মী চৌল’বোলে।

          হাজংসকলৰ মাজত এই বাস্তু পূজা আৰম্ভ হোৱাৰ দুদিনমান আগৰে পৰা মিলা-প্রীতি, সমূহীয়া ভাৱ আদান-প্রদান, পিঠা-পনা আদিৰে এক মধুৰ সমন্বয়ৰ বান্ধোনেৰে বান্ধ খাই থাকে। কিন্তু ঠাইভেদে হাজংসকলৰ এই বিশেষ বাস্তু পূজাৰ কিছু পৰিমাণে পৰিৱৰ্তন ঘটা দেখা যায়। সাধাৰণতে অসমৰ হিন্দু হাজংসকলে ভিন্ন ৰূপত এই পূজা প্রতিবছৰে পালন কৰা পৰিলক্ষিত হয়। এই পূজা সম্পন্ন হ’লে যথা সময়ত নংটাঙে সকলোৰে সৈতে পথাৰত হাল বাবলৈ যায়। এক বিশেষ পদ্ধতিৰে অর্থাৎ সিদিনা তেঁও বেলি উঠাৰ আগতে যাত্রাপথত কাৰো সৈতে মাত বোল নকৰাকৈ বা ক’তো নৰৈ পথাৰত হাল বাবলৈ যায়। পথাৰৰ পথত কিবা অশুভ লক্ষণ দেখা পালে বা অমঙ্গল হ’লে সিদিনাৰ বাবে কৰ্ষণ মাত্রা বাতিল কৰি শুভ দিন বাৰ চাই অইন এদিন আকৌ যাত্ৰাৰাম্ভ কৰা নিয়ম।

         জানিব পৰা মতে গোৱালপাৰাৰ অন্তৰ্গত মেচ্‌পাৰা অঞ্চলৰ কিছু কিছু হাজং সমাজত এই বাস্তু পূজা কৰা নহয়। অর্থাৎ মেচ্‌পাৰা এলেকাৰ কিছু ঠাইত বাস্তুশালী বা বাস্তু পূজা পূৰ্বৰ পৰাই পালিত নহয় বুলি জনা যায়। তাৰোপৰি বৰ্তমান হাজং সমাজত এই বাস্তু পূজাৰ গুৰুত্ব আৰু প্রাধান্য পূৰ্বৰ তুলনাত বহু পৰিমাণে হ্রাস পাইছে বুলি ক’ব পাৰি। তথাপিও ধেমাজীৰ নিবাসী হাজংসকলে কম-বেছি পৰিমাণে এই বাস্তু পূজা নিগাজীকে পাতি অহা পৰিলক্ষিত হৈছে।

           হাজংসলৰ এই বাস্তু গুজাৰ আন এটি প্ৰকাৰ হ’ল পাগলা বাস্তু পূজা। আনকি হাজং সমাজত এই বাস্তু পূজা কৰা পূজাৰী অর্থাত্‍ নংটাওক নিৰ্বাচন কৰা প্ৰক্ৰিয়াও সুকীয়া। এই নিৰ্বাচনী পদ্ধতি দুই প্ৰকাৰৰ-হিলাজা গা আৰু বান তোলা পদ্ধতি। হাজং সমাজত বাস্তু পূজাৰ বাবে এই দুই ধৰণৰ পদ্ধতিৰ যিকোনো এটা পদ্ধতিৰে পূজাৰী বা নংটাঙ নির্বাচিত কৰি পূজাভাগ সমাপন কৰা হয়। পূর্বে এই পূজা হেনো বাদ্য-বাজনা বজাই পালিত কৰা হৈছিল। এই বাস্তু পূজাৰ তাৎপর্য আৰু গুৰুত্বলৈ চাই হাজংসকলক ‘বাস্তু জাতি’ বুলি অভিহিত কৰা যায়। হাজং সমাজত এই বাস্তু পূজাৰ এক বিশেষ মৰ্য্যদা তথা গুৰুত্ব আছে। এই ব্যস্তু পূজাৰ লগত সংগতি ৰাখি পাৱনী দেওৰ পুজাও কৰা হয়। হাজংসকলে প্ৰম্পৰাগতভাৱে পালন কৰি অহা এই কৃষ্টি কালত তেঁওলোকৰ স্বকীয় বৈশিষ্ট্য যে আছে, সেই কথা তুলনামূলকভাৱে অধ্যয়ন গৱেষণা কৰিলেই প্রতীয়মান হয়। বৃত্তিত হাজংসকল কৃষিজীৱি। হাজংসকলৰ ভাতেই প্রধান খাদ্য। হাজংসকল হিন্দু ধর্মাবলম্বী। হাজংসকল অতিশয় পৰিশ্রমী। শ্ৰমৰ মাজতেই তেঁওলোকে আনন্দ বিচাৰি পায়।