সৰ্বাধিক গুৰুত্ব দিয়া হৈছে কৰ্মসংস্থানত
ড° গৌৰ গোপাল বণিক
অধ্যাপক, গুৱাহাটী কমার্চ কলেজ
ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত উত্থাপন কৰা ৰাজ্য চৰকাৰৰ ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ তথা ‘অমৃত-কাল’ৰ প্ৰথমখন বাজেট পর্যালোচনা কৰিলে দেখা যায়। যে ইয়াত সৰ্বাধিক গুৰুত্ব দিয়া বিষয়টো হৈছে কর্মসংস্থান। অহা ১০ মে’ত ৪০,০০০ লোকক চাকৰি দিয়া হ’ব বুলি বিত্তমন্ত্রী নেওগে বাজেট ভাষণত উল্লেখ কৰিছে। তদুপৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ লগত সংগতি ৰাখি এইবাৰৰ ৰাজ্যিক বাজেটত গুৰুত্ব আৰোপ কৰা আৰু দুটা প্রধান বিষয় হ’ল নাৰী কল্যাণ আৰু মূলধনী ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ১৫৩.২৩ কোটি টকাৰ ঘাটি দেখুওৱা বাজেটখনত গুৰুত্ব দিয়া অন্যান্য বিষয়বোৰ হ’ল ক্ষুদ্র উদ্যোগ তথা স্বনিয়োজন, ক্ষুদ্র, লঘু আৰু মঙ্গলীয়া উদ্যোগ, স্বাস্থ্য, শিক্ষা, উন্নয়নমূলক আন্তঃগাঁথনি নিৰ্মাণ, চাহ কৰ্মীৰ কল্যাণ, শিশু কল্যাণ, ক্রীড়া আৰু সংস্কৃতি, বিধবা পেলন, পথ নির্মাণ ইত্যাদি। এই ধৰণৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনাৰে এইবাৰৰ বাজেটে অমৃত কালৰ যাত্রাপথত বিশেষ ভূমিকা বহন কৰিব বুলি মোৰ বিশ্বাস। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে, ২০২০-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনে অসমৰ ৫.৫ লাখ কোটি টকাৰ মুঠ ঘৰুৱা উৎপাদনৰ লক্ষ্য অতিক্ৰম কৰাৰ বাট মুকলি কৰিব আৰু এয়া হ’ব দেশৰ ৫ লাখ কোটি ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অসমৰ তৰফৰপৰা বিশেষ অৰিহণা। এই বিষয়ত আমিও আশাবাদী।