সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব

সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- পূজা কমিটীসমূহক চান্দা সংগ্ৰহ নকৰিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,’সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব।অসমীয়া লোকৰ বিৰুদ্ধে এনেই বদনাম আছে আনৰ টকাৰে বিহু পতা।দুৰ্গা পূজা নিজৰ টকাৰে হ’ব লাগে,আনৰ টকাৰে নহয়।’উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক পোষ্টযোগে এই সন্দৰ্ভত জনাইছিল যে,’ এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ।পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়।সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।’