স্বাভিমান মোৰো আছে
ৰাতিপুৱা ভাতৰ টেবুলত জোস্নাই কওঁ নকওঁকে গিৰীয়েক নয়নক ক’লে, মোক পইচা অলপ লাগিছিল।
তোমাকনো কিমান পইচা নালাগে।পইচা ঘটাইহে জানে কিমান কষ্ট।ঘৰতে থাকি সকলো মুখৰ আগত পালে ক’ত বুজিবা।
জোস্নাই দুই ওঁঠ কামুৰি ওলাব খোজা চকুপানীখিনি কোনোমতে সামৰি কিবা এটা কোৱাৰ আগতেই গিৰীয়েকৰ বাইকৰ মাত শুনিলে।তাই ওচৰতে থকা চকীখনতে বহি পৰিল।গিৰীয়েকৰ কথা কেইটা তাইৰ কানত তেতিয়াও বাজি আছিল।তাই কথাবোৰ আকৌ এবাৰ জুঁকিয়াই চায়।তাইটো অযথা কামত পইচা বিচৰা নাছিল।ক’তা গিৰীয়েকেটো নুসুধিলেই পইচা কিয় লাগে! গিৰীয়েকে উপাৰ্জন কৰে বাবেই আজি তাইক কথা শুনালে।তাইটো দিনৰ দিটো কাম কৰে।এইখিনিৰ আধা কামো বেলেগৰ তাত কৰিলে মোটা দৰৰ্মহা পালে হয় তাই।তাইৰ অসুখত কামকৰা বাই জনীক এদিনত টকা ৩০০ দিওঁতে নয়নৰ খং উঠিছিল।তাইক কৈছিল পৰা খিনি নিজে কৰিবা মই এনেকে কাম কৰা মানুহ লগাই পইচা খেদাব নোৱাৰো।আজি গিৰীয়েকৰ ব্যৱহাৰে তাইৰ স্বাভিমানত আঘাত হানিলে।মানুহ এনেকৈয়ে সলনি হয় নে।
তাইৰ মনত পৰিল ২ বছৰৰ আগৰ দিনবোৰলৈ।যেতিয়া তাহাত প্ৰেমিক প্ৰেমিকা আছিল।কিমান প্ৰতিশ্ৰুতি ভৰা আছিল সেই দিনবোৰ।প্ৰেমৰ তাড়নাত উটি ভাঁহি লোৱা সিদ্ধান্তৰ ফলস্বৰূপে কম দিনৰ ভিতৰত সিহঁতৰ বিয়াখন হৈছিল।ঘৰৰ মানুহে তাইক কৈছিল,পঢ়াখিনি শেষ কৰি সংস্থাপন এটা বিচাৰি ল। বিয়া পাছত হ’বি।কিন্তু তাইৰ স্পষ্ট উত্তৰ নয়নে মোক কেতিয়াও অভাৱত নাৰাখে।হ’লেও নিজৰ সংস্থাপন এটা লাগে।মাক দেউতাকৰ সজ উপদেশো তেতিয়া তাইৰ ভাল লগা নাছিল ।মাক দেউতাকৰ কথাখিনি মনত পৰি তাইৰ দুধাৰে চকুলো বৈ আহিল।আজিহে তাই উপলব্ধি কৰিছে মাক দেউতাকৰ চিন্তা অমূলক নাছিল।আজি নিজৰ সৰু সৰু অভাৱবোৰ পূৰাবলৈ তাই গিৰীয়েকৰ হাতলৈ চাব লাগে।পঢ়া শুনাটো ভাল আছিল।কিবা এটা কৰিব নিশ্চয় পাৰিলে হয় তাই।
চকুপানীখিনি মচি তাই এটা সিদ্ধান্ত ল’লে।তাই আৰু কেতিয়াও গিৰীয়েকৰ ওচৰত হাত নাপাতে।হাতৰ বিদ্যাৰে নিজেই কিবা এটা কৰিব।তাই আবেলি দুটা টিউচন যোগাৰ কৰি ল’লে।আজৰি সময়ত তাই ওচৰৰ মহিলাবোৰৰ লগত মিলি আচাৰ,খাৰলি,নিমকি আদি বনাবলৈ ল’লে।আজিকালি এনেও থলুৱা খাদ্যৰ চাহিদা বহুত।এতিয়া তাই গিৰীয়েকৰ হাতলৈ চাব নালাগে।নিজৰ সৰু সৰু অভাৱবোৰ পূৰাব পৰাকৈ তাই এতিয়া সক্ষম।লাহে লাহে তাই নিজৰ অভিজ্ঞতাবোৰ,অনুভৱবোৰক এটা আকাৰ দিবলৈ চেষ্টা কৰিলে।তাই হৈ পৰিল অৰ্দ্ধৰ নিয়মীয়া লেখিকা।তাই যেন নতুনকৈ ফুলা ফুলপাহৰ দৰে সুগন্ধিত হৈ পৰিছে।তাইৰ এই পৰিৱৰ্তন গিৰীয়েকৰ চকুতো পৰিছে। আগৰ উদাস জোস্না জনীৰ মুখত এতিয়া গানৰ গুনগুণনি।তাই যেন এখন নিজৰ পৃথিৱী গঢ়ি লৈছে। তাই কেতিয়াও ঘৰৰ কামত অৱহেলা কৰা নাই।গিৰীয়েককো আলপৈচান ধৰিছে তথাপিও যেন গিৰীয়েকে আজিকালি তাইৰ আব্দাৰবোৰৰ অভাৱ অনুভৱ কৰিবলৈ লৈছে।সুধিম বুলি ভাবিও সুধিব পৰা নাই।তোমাক কিবা প্ৰয়োজন আছিল নেকি?অদৃশ্য প্ৰাচীৰ এখন যেন দুয়োৰে মাজত গঢ়ি উঠিছিল।ইচ্ছা কৰিও যেন সি এই প্ৰাচীৰখন ভাঙিব পৰা নাছিল।কিহে বাধা দিছে সেইটো সিও নাজানে।কিন্তু এই প্ৰাচীৰ খন যে তাৰে সৃষ্টি সি আজি ভালকৈয়ে অনুভৱ কৰিছে।তাইও যেন তাৰ ওচৰত নিজকে শামুকৰ খোলাত আঁৱৰি ৰাখিছে।তাইও অনুভৱ কৰিছে তাইৰ স্বাভিমানে যে অভিমানৰ ৰূপ লৈছে।
আজি গিৰীয়েক নয়নৰ জন্মদিন। আজি তাই সকলো তাৰ পচন্দৰ খাদ্য ৰান্ধিছে।ভাতৰ পাতত নয়ন অলপ আচৰিত হ’ল।সিটো কালি বজাৰ কৰা নাছিল।তাৰমানে জোস্নাই নিজেই বজাৰ কৰিলে।সি বৰ তৃপ্তিৰে ভাত কেইটা খালে।ওচৰতে ৰৈ জোস্নাই সকলো যতনাই থাকিল।ৰুমলৈ আহি বিচনাত উপহাৰৰ পেকেট এটা পালে য’ত লিখা আছিল “মোৰ প্ৰিয়জনলৈ এটি মৰমৰ উপহাৰ”।সি উধাতু খাই পাকঘৰ পালেগৈ।সি আনন্দতে তাইক সাবটি ধৰিলে।ক’তা নাই দেখোন তাহাঁতৰ মাজত কোনো প্ৰাচীৰ।মিছাই সিহঁতি ইমান দিন কষ্টত আছিল।জোস্নাৰ চকুহাল আনন্দত তিৰবিৰাই উঠিল।য’ত আছে আজি স্বাভিমানৰ চকুলো।প্ৰিয়জনৰ চকুত হেঁৰুৱা মৰম উভতাই পোৱাত, আজি তাই আনন্দত আত্মহাৰা।
গায়ত্ৰী পূজাৰী।
দেৰগাওঁ টাউন ৱাৰ্ড নং-৯
জিলা- গোলাঘাট
পিন- ৭৮৫৬১৪
দূৰভাষ- ৬৯০০৩২৩৬৩২