কৰ্তব্যত চূড়ান্ত ফাঁকি দিয়াৰ বাবে একাংশ আৰক্ষী বিষয়া তথা জোৱানৰ ওপৰত অভিযোগ

CNBCTV18

কৰ্তব্যত চূড়ান্ত ফাঁকি দিয়াৰ বাবে একাংশ আৰক্ষী বিষয়া তথা জোৱানৰ ওপৰত অভিযোগ

অনলাইন বাৰ্ত্তাসেৱা – আৰক্ষী বিষয়া তথা জোৱানে মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক আওকাণ কৰি দুৰ্নীতিত লিপ্ত হোৱাই নহয় কৰ্তব্যতো চূড়ান্ত ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। তেনে এক অভিযোগৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে লতাশিল থানাৰ এজন সহকাৰী উপ-পৰিদৰ্শকক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে। আৰক্ষী আয়ুক্তজনে প্ৰকাশ কৰা অনুসৰি লতাশিল থানাৰ এ এছ আই তাৰাপ্ৰসাদ সিঙক কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে। এ এছ আইজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু অভিযোগৰ সত্যতা প্ৰমাণ হোৱাৰ পাছতে তেওঁক নিলম্বন কৰা হয়। বিষয়াই হওক বা জোৱানেই হওক কৰ্তব্যত অৱহেলা আৰু দুৰ্নীতি সহ্য কৰা নহ’ব- তাৰাপ্ৰসাদ সিঙৰ নিলম্বনৰ জৰিয়তে যেন মহানগৰ আৰক্ষীক এই বাৰ্তাই দিলে আৰক্ষী আয়ুক্ত হৰসীত সিঙে। আৰক্ষীৰ আন এক সূ্ত্ৰই প্ৰকাশ কৰা অনুসৰি বিভিন্ন দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন হোৱা তাৰাপ্ৰসাদ সিঙে সময়মতে থানালৈ অহা নাছিল আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ অমান্য কৰিছিল। ভাৰপ্ৰাপ্ত বিষয়া আনকি স্বয়ং আৰক্ষী আয়ুক্তই ফোন কৰিলেও ফোন ধৰা নাছিল তেওঁ। এনে উচ্ছৃংখল আচৰণ আৰক্ষী বিভাগৰ সম্পূৰ্ণ পৰিপন্থী আৰু সেয়ে তাৰাপ্ৰসাদ সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হয় আৰক্ষী আয়ুক্ত হৰমীত সিং।

 

(RT)