স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম সাৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম সাৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ ১০৬ বছৰীয়া শ্যাম চৰণ নেগীৰ শনিবাৰে পুৱা হিমাচল প্ৰদেশৰ কল্পাত থকা বাসস্থানত মৃত্যু হয়। ৰাজ্যখনৰ চতুৰ্দশ বিধানসভা নিৰ্বাচনত তেওঁ অন্তিম ভোট দিয়াৰ কেইদিনমান পিছত তেওঁৰ মৃত্যু হয়। নেগীয়ে ভাৰত স্বাধীন হোৱীৰ পিছচ ১৯৫১ চনৰ ২৩ অক্টোবৰত কল্পা ভোটকেন্দ্ৰত প্ৰথম ভোটদান কৰিছিল আৰু দেশৰ প্ৰথম ভোটাৰ হিচাপে পৰিগণিত হৈছিল, আৰু তেওঁ এই বছৰৰ ২ নৱেম্বৰত ৩৪ সংখ্যক ভোটদান কৰে, যি তেওঁৰ অন্তিমটো ভোটদান আছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।