স্বাধীন (এক মিনিটৰ অনুভৱ)-কৌশল্যা বৰা

pc-Moneycontrol

স্বাধীন (এক মিনিটৰ অনুভৱ)

‘-লক্ দাদা লক্, ডাঙৰখনত ২০ টকা সৰুখনত ১০ টকা–‘। ন দহ বছৰীয়া মৰমলগা ল’ৰাটোৰ ওচৰ চাপি অহা গ্ৰাহকে কিনিবলৈ লাগিল সৰু সৰু পতাকাবোৰ। আগদিনা টোপাল সৰা ৰাতিলৈকে মাকৰ সৈতে লগ-লাগি সি বনোৱা পতাকা। এহেজাৰ টকাৰ পতাকা বিক্রী কৰিলে সি। মাকে হোটেলত কাম কৰি পোন্ধৰ দিনত পোৱা টকা সেইয়া। মুক্তমনে ঘৰলৈ বজাৰ কৰিলে সি মাকৰ সৈতে।
: তইনো এইবোৰ বনাবলে ক’ত শিকিলি?’
কনমান পুত্ৰৰ মূৰত হাত ফুৰাই ফুৰাই মাকে সুধিলে।
: মনবৰ দৰ্জ্জীৰ লগত তুমনৰ বায়েকে পাতি থাকোঁতে শুনিছিলোঁ অ’।
: অ’ মা! স্বাধীনতা মানেনো কি? কাইলৈযে স্বাধীনতা দিৱসৰ বাবে তোক মালিকে বন্ধ দিছে? স্বাধীনতাৰ সংজ্ঞা নজনা মাকে নিজৰ উপলব্ধিৰে তাক বুজাবলৈ চেষ্টা কৰিলে-
: আজি আমি নিজৰ শ্ৰমেৰে সৎভাবে পইচা উপাৰ্জন কৰিলোঁ, নিজৰ মতে বজাৰ কৰিলোঁ, সমাজৰ আন মানুহৰ বাবে প্ৰয়োজনীয় বস্তু বেচিলোঁ। মালিকৰ গালি-গালাজ নুশুনাকৈ নিজৰ পছন্দত দিনটো শান্তিৰে কটালোঁ-এয়াই আমাৰ স্বাধীনতা অ’।’ হয় হয় মাকৰ কষ্ট দেখি অলপ সহায় কৰি দিবলৈ গৈ সিও কেইবাদিনো মালিকৰ ধমকি খাইছিল।
: মা, কাইলৈ মিটিঙত আমি ৰঙা চাহ আৰু কেট্ লি পিঠা বেচিম। এতিয়াৰ পৰা তই আৰু হোটেলত কাম কৰিবলৈ যাব নেলাগে। মইও মন দি পঢ়া-শুনা কৰিম। নিজাকৈ আমি কাম কৰি উপাৰ্জন কৰিম। আজিৰ পৰা আমিও স্বাধীন হ’ম মা-!’ পাছদিনা ডাঙৰ ডাঙৰ মানুহৰ গাড়ী, বাইকত উৰি অহা সৰু সৰু পতাকা বোৰ দেখি তাৰ মনটোৱে এটা নতুন গতিপথ পালে। সমাজত মানুহৰ কামত অহা কাম কৰি সি স্বাধীন হোৱাৰ পণ ল’লে।
—-কৌশল্যা বৰা