স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী -ৰাজলক্ষ্মী বৰঠাকুৰ

স্বাধীনতা দিৱসৰ শুভেচ্ছা বাণী 

 

চাওঁতে চাওঁতে আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰত ভৰি দিলেহি । এই স্বাধীনতাৰ বাবে বহু লোকে প্রাণ আহুতি দিছিল এই সময়ত সেইসকল মহান ভাৰতীয়ৰ ত্যাগক শ্রদ্ধাৰে স্মৰণ কৰোঁ আহক। এই স্বাধীনতা দিৱসত আমাক সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখি এক জাতি এক প্রাণ হিচাপে একত্রিত কৰক। এই স্বাধীনতা দিৱসে আমাৰ মহান জাতিটোৰ বাবে অধিক শান্তি, আৰু গৌৰৱ কঢ়িয়াই আনক তাৰে কামনাৰে। আহক আজি স্বাধীনতাৰ এই শুভ সময়তে বতাহত মুক্তভাৱে উৰি থকা আমাৰ তিনি বৰণীয়া জাতীয় পতাকা খনিলৈ চাই সকলোৱে অনুভব কৰোঁ আহক স্বাধীনতাৰ সোৱাদ কি আৰু কি মূল্যত আমি স্বাধীনতা পালো। সকলো লৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

:: বন্দেমাতৰম :: জয় হিন্দ ::

ৰাজলক্ষ্মী বৰঠাকুৰ

দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট