স্বাধীনতাৰ সপোন
যোৱা ৰাতি মাজ নিশাৰ সপোন এয়া
সপোনটোৱে আগাদেৱা কৰিছিল,
সপোনটোৱে বগুৱা বাই ফুৰিছিল
দেৱালখনৰ তলৰ পৰা ওপৰলৈ
সপোনটোৱে চিঞৰি চিঞৰি কৈছিল
লুইতৰ পাৰত, সোৱণশিৰিৰ পাৰত
আমাক পখিলা খেলিবলৈ দিয়ানা
দিবানে আমাৰ খিলখিল হাঁহিবোৰ ঘূৰাই
এৰা, তোমালোকৰ নামেই নেকি স্বাধীনতা
যিয়ে আমাক সুমুৱাই দিলে সেই এন্ধাৰ গাঁতত
য’ত কেৱল মাথো ধোৱা, য’ত কেৱল মাথো এঙাৰ
আস স্বাধীনতা! তোমাৰ নামেই একবিংশ শতিকাতো
লোৰ শিকলি নেকি, যিয়ে বান্ধি পেলায়
তোমাৰ মনৰ দুৱাৰ খিৰিকি
এাৰা, তোমাৰ নামেই স্বাধীনতা নেকি
য’ত তোমাৰ নিৰ্দেশত
ক্ষুধাতুৰৰ মুখৰ ৰুটীবোৰ কাঢ়ি নিয়ে
কোনোৱা প্ৰৱল প্ৰতাপীজনে
নাই, নাই, নাই আমাক ওভোতাই দিয়ানা
আমাৰ মৃত্যুজীণাৰ গান
ওভোতাই দিয়া আমাক জন্মভূমিৰ তান।
মানসী মিশ্ৰ