স্বাগতম নৱবৰ্ষ – ময়ূৰাক্ষী গগৈ

স্বাগতম নৱবৰ্ষ

ময়ূৰাক্ষী গগৈ

স্বাগতম জনাইছো নৱবৰ্ষক।
ন-আশা, ন-উদ্যম, ন-চিন্তাৰে
নৱবৰ্ষক আদৰো আহক।
বিগত বৰ্ষৰ দুখ,কষ্ট, বেদনাবোৰ পাহৰি,
নৱবৰ্ষক আদৰণি জনাও
কেৱল ইতিবাচক চিন্তা আৰু কৰ্মেৰে।
ৰৈ যোৱা ভুলবোৰৰ শুধৰণিৰে,
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে
ভেদাভেদ পাহৰি,
নৱবৰ্ষত পণ লওঁ আহক
এখন সুন্দৰ নিকা সমাজ গঢ়াৰ।
শুভ নৱবৰ্ষ।