সেমেকা উৰুকা ৰাতি
চাওঁতে চাওঁতে অহিল উৰুকা,
কিন্তু বতৰ ৰাতিপুৱা আছিল সেমেকা।
ৰাতিপুৱা এজাক বৰষুণ আহি ভৰিলে চোতালত পানী,
উৰুকাৰ ৰাতি কার্যত ঘটালে বিঘিনি।
সকলো চিন্তিত যে কেনেকৈ আঁতৰাম পানী,
চোতালত বালি পেলাই দিলে ভৰি।
দুপৰীয়া লাহে লাহে ওলাল মৰমৰ বেলি,
বেলি ওলোৱাৰ লগে লগে মনত আনন্দ গ’ল ভৰি।
আহিলে সকলো গধূলি পৰত,
সকলো আনন্দৰে সোমালে ভেলাঘৰত।
অপেক্ষা আছিল মাথোঁ ৰাতিলৈ,
সকলো একে লগ হৈ ভোজ খাবলৈ।
হঠাৎ ভোজ ৰন্ধাৰ সময়ত পৰিল কিনকিনিয়া বৰষুণ,
মনো হল সেমেকা নোলাল জোন।
কিছু ক্ষন্তেক পাছত বন্ধ হল বৰষুণ,
ধৰিব পৰা নাছিলোঁ এইটো দিঠক নে সপোন।
উৰুকা ৰাতি হল সেমেকা এই বৰষুণ জাকেৰে,
জোনটিও লুকাই আছিল ডাৱৰে ডাৱৰে।
ভোজ হল আৰম্ভ আৰু সোৱাদ হল সুন্দৰ,
ভাল লাগিল, এই উৰুকাৰ নিশা কিন্তুসেমেকা বতৰ।
-নিতিষ্মান দাস
সপ্তম শ্রেণী