সেন্দুৰীয়া আলি – দুলুমণি দেৱী

PC - Dinamalar
সেন্দুৰীয়া আলি
দুলুমণি দেৱী, মাকুম
জক্ মককৈ ফুলি আছে
সোণাৰু জোপা
সেউজীয়া সুকোমল
সৌন্দৰ্যৰে পৰিপূৰ্ণ অনুপম সৃষ্টি,
স্মৃতি জীপাল হয় হালধীয়া হাঁহিত
অব্যক্ত সুৰৰ লহৰে কম্পিত কৰে
হৃদয়ৰ অটল গহ্বৰ
সুগন্ধিময় পৰিবেশত
সুখানুভুতি স্পন্দন,
সোণোৱালী ৰ’দ জাকে
কোমল কুঁহিপাতত
সুঘ্ৰাণ বিয়পাই
সুন্দৰ বা- লাগি ,
সৌন্দৰ্যৰ ৰূপ মাধুৰি প্ৰাণ কৰি
দেখিবলৈ পাওঁ যান্ত্ৰিকতাৰ
 মাজতো জীৱনৰ সেন্দুৰীয়া আলি ।