সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তিজন

Pc Zee News

সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তিজন

ৰঙিলী বাৰ্ত্তাসেৱা-  তামিলনাডুৰ নীলগিৰি পাহাৰত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথমগৰাকী সেনাৰ সৰ্বধিনায়ক বিপিন ৰাৱট, তেওঁৰ পত্নীসহ ১৩গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল। এই দুৰ্ঘটনাতো ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ অঘটন হিচাপে চিহ্নিত হৈছে।দেশৰ প্ৰথমগৰাকী সেনাৰ সৰ্বধিনায়ক বিপিন ৰাৱটসহ ১৩গৰাকীজনকৈ সৈনিকৰ মৃত্যু হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ সংসদত বক্তব্য ৰাখে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱাটৰ লগতে তেওঁৰ পত্নী আৰু আন ১১ জন লোকৰ মৃত্যু হোৱা ভয়ংকৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰা একমাত্ৰ জীৱিত ব্যক্তিজন হৈছে ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিং।তামিলনাডুৰ কুন্নুৰৰ সমীপত বুধবাৰে হোৱা ভয়ংকৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪ জনৰ ১৩জনেই প্ৰাণ হেৰুৱাইছে।একমাত্ৰ জীৱীত আছে গ্ৰুপ কেপ্টেইন বৰুণ সিং। এইজন সাহসী বায়ু সেনা বিষয়া গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বৰ্তমান চিকিৎসা চলি আছে।উল্লেখযোগ্য যে,সাহসী বায়ু সেনা বিষয়া গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বৰ্তমান চিকিৎসা চলি আছে।উত্তৰ প্ৰদেশৰ দেৱৰিয়া জিলাৰ কনহৌলি গাঁৱত ঘৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ।তেওঁৰ পিতৃ কে পি সিঙো সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।তেওঁৰ এজন ভাতৃ নৌ সেনাত কৰ্মৰত।তেওঁৰ খুড়াক অখিলেশ প্ৰতাপ সিং প্ৰাক্তন কংগ্ৰেছী বিধায়ক আছিল।২০২০ চনৰ ১২ অক্টোবৰত ১০ হাজাৰ ফুট উচ্চতাত লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছৰ উৰণৰ সময়তে ককিটত বিজুটি হোৱাৰ উমান পাই তেওঁ অৱতৰণৰ চেষ্টা কৰিছিল।সেই সময়তে ফ্লায়িং কন্ট্ৰল ছিষ্টেমো বিকল হোৱাত এক প্ৰকাৰ দুৰ্যোগৰ সন্মুখতে পৰিছিল।কিন্তু তেওঁ ধৈৰ্য নেহেৰুৱাই অদম্য সাহসৰ লগতে দক্ষতাৰ পৰিচয় দি তেজছ বিমানখন ৰক্ষা কৰিছিল।মাজ আকাশতে তেজছ যুঁজাৰু বিমানখনৰ ফ্লায়িং কন্ট্ৰল ছিষ্টেম নষ্ট হোৱাৰ পিছতো বিমানখনৰ সফল লেণ্ডিং কৰাবলৈ সক্ষম হৈছিল বৰুণ সিঙে।গ্ৰুপ কেপ্টেইন বৰুণ সিঙক ২০২০ চনত আকাশমাৰ্গত জৰুৰীকালীন অৱস্থাত তেওঁৰ এল চি এ তেজছ যুঁজাৰু বিমান দক্ষতাৰে ৰক্ষা কৰাৰ বাবে এই বছৰতে স্বাধীনতা দিৱসত শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছিল।