সেউজীয়া প্ৰেমৰ নৈখন – দুলাল বৰা

PC - Wikipedia

সেউজীয়া প্ৰেমৰ নৈখন

দুলাল বৰা, বিশ্বনাথ চাৰিআলি

অই কোন তুমি নীলিম নয়নী
কি বষন পিন্ধিচা তুমি ইমান চিকুণ
লেখমানো নাই অভিমানৰ ওৰণি
উদঙাই দেখুৱাইছা তোমাৰ সু-উচ্চ দেহৰ
কলেৱৰ খিনি যাৰ মাজত সোমাই আছে
আকলুৱা মৰমৰ অসীম পৰিধি।
অই শুনাচো তোৰ দেহৰ গোপন
সৌন্দৰ্য দেখি বলীয়া হয় সকলো
কাৰণ তোমাৰ যৌৱনৰ বলীয়া
মলয়াই যে জগাই দিৱ
পৰে কিমান জনৰ
হৃদয়ত প্ৰেমৰ সুৰভি।
সাতোৰঙী আবিৰ সানি মেঘালী দেহত
অনামি প্ৰেমৰ সুবাস ধালি
নীলীম সাগৰৰ দৰে
সংগোপনে ধৰি ৰাখা তুমি
নিৰ্মল মনৰ স্বপ্ন সমৃদ্ধ বিশ্বাস
প্ৰেমৰ এজাক বৰষুণ আলফুলে শিচি
শুকাই যোৱা হৃদয়খনিক
ৰঙীন আকৌ এবাৰ কৰি ।
প্ৰেম আৰু বিশ্বাসৰ
মোহময়ী জোনৰ
এমুঠি শীতল পোহৰে
তুমি সদায় উজ্বল হৈ থকা
নিপিন্ধা কেতিয়াও মলিনতাৰ কাপোৰ
জীৱনৰ বৰ্ণিল শান্তিৰে
পূৰ্ণিমাৰ জোনটিৰ দৰে
শুকুলা মেঘৰ আঁৰে আঁৰে
মোহময়ী মিঠা হাঁহিৰে
জ্যোতিৰ্ময় কৰি তোলা সকলো
প্ৰেমৰ ছবি।
কাৰণ তুমি যে বিশুদ্ধ প্ৰেমিক
যুগলৰ সাক্ষী বহন কৰি অহা
এখনি খৰ স্ৰোতা স্ৰোতস্বিনী ।