সেউজীয়া উদযাপনৰ বাবেই শৰৎ আহিছে
বন্দনা শৰণীয়া
আন্ধাৰ খামুচি বহি থকা
ৰাতিৰ বুকুত
জোনে ওলোমাই ৰখা
এটা পোহৰৰ প্ৰাৰ্থনা হৈ
তুমি আহিলা;
দূবৰিৰ দলিচাত
আকাশে চটিওৱা
নিয়ৰফুল গচকি
মোৰ বাবেইতো তুমি আহিছা !
আহোতে মোলৈ কি আনিলা
নুসুধো দিয়া, অথবা নুসুধো
এই সময়ৰ বাবে, তুমি
বিষাদৰ হালধীয়া সময়
কেনেকৈ পাৰ কৰিলা !
অথবা মোকো তুমি নুসুধিবা
কিমান ৰঙীন মেঘৰ শিলত
ঠেকা খাই খহটা হ’ল
মোৰ হৃদয় !
তেনেই চুটি জীৱনটোত
কেবল জানিম
এয়া যে সময় কেবল
সেউজীয়া উদযাপনৰ !