সৃষ্টিৰ আনন্দ
– ইপ্সিতা কন্দলী শৰ্মা,
অইল হাউচিং কল’নী,যোৰহাট
মানুহ মাত্ৰেই সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী । সৃষ্টিশীলতা মানুহৰ জীৱনৰ আশীৰ্বাদস্বৰূপ । সেই প্ৰতিভা গঢ় লৈ উঠে মানুহৰ জীৱনৰ ভিন ভিন কালত । কাৰোবাৰ সৰু কালতেই এই প্ৰতিভাৰ উপস্থিতি গম পোৱা যায় আৰু লাহে লাহে এই প্ৰতিভা তেওঁলোকৰ কাৰ্যৰ মাধ্যমেৰে আনৰ আগত প্ৰকাশ পায় । কোনো কোনো লোকৰ আকৌ মাজ বয়সত এই প্ৰতিভাই প্ৰাণ পাই উঠে । কিছুমানৰ ক্ষেত্ৰত জীৱনৰ বিয়লি বেলাতহে প্ৰতিভাই পূৰ্ণতা লভে।মুঠতে প্ৰতিভা সকলোৰেই থাকে ,মাথো সেই প্ৰতিভাৰ কথা আমি উপলদ্ধি কৰি তাক প্ৰকাশ কৰাৰ ইচ্ছা কৰিলেই সেই প্ৰতিভাৰ বিকাশৰ বাট মুকলি হৈ পৰে । কোনো কোনো লোকে নিজেই উপলদ্ধি কৰে নিজৰ সামৰ্থতাক আৰু কোনো লোকক আনে উপলদ্ধি কৰোৱাৰ প্ৰয়োজন হয় ,এই প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ ক্ষেত্ৰত । প্ৰতিজন মানুহেই নিজ নিজ প্ৰতিভাৰ কথা উপলদ্ধি কৰি জীৱনটোক কিবা এক উদ্দেশ্যৰ দিশে আগুৱাই লৈ গৈ জীৱন সাৰ্থক কৰিব পাৰে । এইক্ষেত্ৰত আমি বিশেষকৈ এটি কলমৰ শক্তিৰে আমি নিজেই নিজৰ সুপ্ত প্ৰতিভা (লেখনি) বিকাশ কৰি কেনেকৈ সেই প্ৰতিভাৰ বিকাশৰ আত্মসক্তষ্টিৰে লাভ কৰিব পাৰিম এক অনন্য জীৱন সেই বিষয়ত আলোকপাত কৰিব বিচাৰিছো । এটি কলমৰ সংগই মানুহৰ নিসংগ মুহূৰ্তৰ লগৰী হৈ , সুখ-দুখৰ প্ৰকৃত সংগী হৈ, মানুহক স্বাৰ্থৰহিত অনুপ্ৰেৰণাৰে বিবেকৰ সংগত আগুৱাই লৈ গৈ এনে এঠাইত থিয় ক’ৰাবগৈ পাৰে য’ত মানুহ হৈ পৰে নিজেই নিজৰ প্ৰেৰণাৰ উৎস! য’ত মানুহ সক্ষম হয় সকলো নেতিবাচক চিন্তাৰ পৰা মুক্ত হৈ ইতিবাচক চিন্তাক আদৰিবলৈ সাহসেৰে । যটত এলাহ , হতাশা আদিয়ে ভুমুকি মাৰিবলৈ কোনো সুযোগেই নাপায় । এই ঠাইত মানুহৰ সংগত থাকে মাথো সাহস , বিশ্বাসেৰে ভৰপূৰ এটি প্ৰফুল্লিত মন , যি মন নিজৰ লগতে আনৰো প্ৰেৰণাৰ উৎস হৈ আগুৱাই যাব পাৰে ক্লান্তিবিহীনভাৱে নিজ সৃষ্টিৰ পথত বাটৰ বাধা নেওচি । এটি লেখা যেতিয়া আৰম্ভ কৰা হয় তেতিয়া সেই লেখা শেষ নোহোৱা পৰ্যন্ত আমাৰ চিন্তা সংযোগ হৈ থাকে সেই লেখনিত। আমি আমাৰ দৈনন্দিন কৰ্মৰাজিৰ মাজতো মনতে আওৰাই থাকিব লগা হয় লেখনিৰ কথাবোৰ ।কামৰ মাজতে আমাৰ মনলৈ আহি থাকে বহু ন ন শব্দ আৰু বাক্য, যিবোৰ প্ৰয়োগ কৰি আমি লেখনিটো আগবঢ়াই নিব পাৰো পৰিপক্ক ৰূপত। গতিকে সেই সময়চোৱাত আমি বিভিন্ন কাম কৰি থাকো যদিও আমাৰ মনত লেখনিৰ কথাবোৰ আহি থাকে । অৰ্থাৎ সেই সময়ত আমাৰ চিন্তা নিৰ্দ্দিষ্ট লেখাখিনিত থাকে । সেই সময়চোৱা বাহিৰা কোনো নেতিবাচক কথাই আমাৰ মনত প্ৰভাৱ পেলাব নোৱাৰাকৈ আমাৰ মনটো একান্তই লেখনিৰ মাজত ৰখাটো সম্ভৱ কৰে আমাৰ নিজৰ সৃষ্টিৰ উৎসুকতাই । ইয়াতকৈ আৰু সুখবৰ আমাৰ বাবে কি হ’ব পাৰে বৰ্তমান মানুহৰ (প্ৰায়ভাগ) মোবাইল আসক্তিৰ যুগত ? বহুতৰেই লিখাৰ প্ৰতি আগ্ৰহ থাকে । এই আগ্ৰহক কাৰ্যত পৰিণত কৰাটো আমাৰ জীৱনৰ বাবে অতি মহত্তপূৰ্ণ কথা । এই চৰ্চাই আমাৰ চিন্তাশক্তি বঢ়াই আৰু আমাৰ মগজু সকলো সময়তে সক্ৰিয় কৰি ৰাখে । সঁচা কথা ক’বলৈ গ’লে ই আমাৰ মগজুৰ ব্যায়াম কৰে । অলসভাৱে বহি থকা মানুহৰ আজিৰ সমাজত অভাৱ নাই। অলসতাই আমাৰ মগজুক সক্ৰিয় ৰখাত বাধাপ্ৰদান কৰে । অলসতা আমাৰ জীৱনৰ ব্যাধি । কিন্তু এই অলসতাৰ ঠাইত আমাৰ নিজা এটি এটি সৃষ্টিয়ে আমাৰ মন ইমানেই সক্ৰিয় কৰি তোলে যে সেই সক্ৰিয় মনৰ সংগত আমি নিতৌ ন ন ভাৱনাৰে লেখি যাব পাৰো বহু অমূল্য কথা । আৰু এইবোৰে আমাৰ চিন্তাক উন্নত কৰাৰ লগতেই আমাৰ জীৱনধাৰাক এটি উন্নত মানদণ্ড দিবলৈও সক্ষম হটব । লিখাৰ অভ্যাসে আমাক দিব পাৰে এটি নৱজীৱন । লিখাৰ অভ্যাস কৃষক,গৃহিনী,ৰান্ধনি ,ব্যৱসায়ী,ডক্টৰ ,ইঞ্জিনীয়াৰ ,উকীল ,ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য সকলো লোকেই কৰিব পাৰে । এই অভ্যাসে তেওঁলোকৰ দৈনন্দিন কৰ্মত উৎসাহৰ সৃষ্টি কৰি এটি এটি দিন খুব সজীৱতাৰে পাৰ কৰাত সহায় কৰিব । এই অভ্যাসে তেওঁলোকৰ মন ইমানেই আনন্দময় কৰি তুলিব পাৰে যে সেই মনৰ সংগত কৰিবলৈ মন নোযোৱা কামবোৰো কেনেকৈ তেওঁলোকৰ নিজৰ দ্বাৰাই অতি সুকলমে কৰি যায় তাৰ উমানকেই নাপায় । দিওঁ নিদিওঁকৈ দিয়া খোজবোৰ খৰকৈ দিবলৈ মনত প্ৰচুৰ উলাহ গোট খায় হঠাতে অহা এছাটি মলয়া বতাহৰ দৰেই ।সেই উলাহতে ৰান্ধনীৰ মাছৰ আঞ্জাকণ বেছি সোৱাদলগা হয় , দোকানীৰ বিক্ৰী নহ’লেও মন হতাশ নহয় ,ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে । মুঠতে সকলো কামতেই থাকে তেওঁলোকৰ মনৰ উলাহ। মানুহৰ মনত নিতৌ ন ন ভাৱনাৰ উদ্ৰেক হয় । কাৰোবাৰ লিখিবলৈ মন যায় লিখে আৰু কাৰোবাৰ এলাহ বা অন্যান্য কাৰণত লিখা নহয় । লিখাৰ প্ৰতি যাৰ আগ্ৰহ আছে তেওঁলোকে এই গুণৰপৰা আঁতৰি থকাটো তেওঁলোকৰ জীৱনটোৰ প্ৰতি অন্যায় কৰা হ’ব । লিখাৰ আগ্ৰহ নথকাজনেও এই অভ্যাস গঢ়িবলৈ চেষ্টা কৰিলে তেওঁ নিজেই উপলদ্ধি কৰিব পাৰিব ইয়াৰ প্ৰয়োজনীয়তা কিমান আমাৰ জীৱনত ! লেখনিৰ ক্ষেত্ৰত দীঘল লেখা বা চুটি লেখা বুলি কোনো কথা নাই । যি লেখাই আমাৰ মনক সন্তোষ দিয়ে সেই লিখাই লিখি যাব লাগে । আৰু আমাৰ এই লেখা যেতিয়া কাকত-আলোচনীৰ প্ৰকাশৰ উপযোগী হৈ প্ৰকাশ হট ,তেতিয়া যি আনন্দ পোৱা যায় সেই আনন্দৰ সৃষ্টি কৰোতা আমি নিজেই হ’ম । আমি নিজেই নিজৰ আনন্দৰ সৃষ্টিকৰোতা ! আৰু যেতিয়া আমাৰ সৰু-সুৰা লেখাবোৰে পাঠকৰ সমাদৰ লাভ কৰিব তেতিয়া আমি পাম মনৰ সন্তোষ আৰু লগতে আগলৈ লেখি যাবলৈ প্ৰেৰণা । যেতিয়া লেখনি এটা লিখিবলৈ আৰম্ভ কৰা হয় তেতিয়া শেষ নোহোৱা পৰ্যন্ত আমাৰ মনত এক ব্যাকুলতাই বিৰাজ কৰে । এই ব্যাকুলতাই আমাৰ জীৱনক বৰ সুন্দৰ গতি দিয়ে । উৎসাহিত মনেৰে মানুহে ক্লান্তিবিহীনভাৱে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত সৃষ্টিৰ সুখ অনুভৱ কৰিব পাৰে । এই সৃষ্টিৰ ক্ষেত্ৰত বয়সৰ কোনো বাধ্যবাধকতা নাই । বয়স কেতিয়াও শিকাৰুৰ বাবে আৰু কোনো সৃষ্টিৰাজীৰ বাবে অন্তৰায় হ’ব নোৱাৰে । বয়স বঢ়াৰ লগে লগে মানুহৰ মানসিক ক্ষমতা বৃদ্ধিহে পায় । শ্ৰীমন্ত শংকৰদেৱে এশ ঊনৈশ বছৰ বয়সত ৰামবিজয় নাটখনি ৰচনা কৰে ।গুৰুজনাৰ এইখনেই শেষ সৃষ্টি আছিল । আমাৰ অসমৰে যজ্ঞেশ্বৰ শৰ্মা নামৰ এজন লোকে (যি চকুৰে নেদেখা আৰু কাণেৰে নুশুনে) একানব্বৈ বছৰ বয়সত গৱেষণাৰ কাৰণে এটা লোকগীতৰ সম্ভেদ বিচাৰি অসম বাণী কাকতৰ সম্পাদকলৈ চিঠি লিখি প্ৰমাণ কৰি দেখুৱাইছিল সেই সময়ত একমাত্ৰ তেৱেই আছিল অসমৰ আটাইতকৈ প্ৰাণৱন্ত আৰু উদ্যমী যুৱক । গতিকে এই কথা দৃঢ়তাৰে ক’ব পাৰো – সৃষ্টিৰ তাড়নাই কাহানিও বয়স নামানে । ক’ৰবাত পঢ়িছিলো কোনোবা মনিষীয়ে কোৱা সোণষেৰীয়া বাক্য – ‘ বছৰৰ লেখেৰে কোনো মানুহ বুঢ়া নহয় , মানুহ বুঢ়া হয় নিজৰ আদৰ্শ আৰু আকাংক্ষাবোৰ বিসৰ্জন দি।গাৰ ছালত বয়সৰ আঁচোৰ পৰে; কিন্তু জীৱনৰ উৎসাহ-উদ্দীপনা হেৰাই গ’লে বয়সৰ আঁচোৰ পৰে মানুহৰ আত্মাত । দুশ্চিন্তা , সংশয়, আত্মবিশ্বাসৰ অভাৱ, ভয় আৰু হতাশা – এইবোৰ হ’ল জীৱনৰ সেই দীঘলীয়া বছৰবোৰ,যিবোৰে মানুহৰ মূৰটোক তলমুৱা কৰি উৎসাহ আৰু উদ্যমক ধূলিত পৰিণত কৰে । উপলদ্ধি কৰো বৰ্তমান সমাজৰ মানুহৰ মনত যি যান্ত্ৰিকতাই বাহ সাজিবলৈ লৈছে সেই যান্ত্ৰিকতাৰ ঠাইত আন্তৰিকতা গঢ় লোৱাত এই সৃষ্টিৰ আনন্দই যথেষ্ট সহায় কৰিব ।সৃষ্টিৰ মাহাত্ম্য তাতেই, ই মানুহৰ মনক সুন্দৰ কৰে ।সেই সুন্দৰ মনৰ চিন্তাবোৰো সুন্দৰ , সুস্থ আৰু সবল হয় । বিবেক সেই মনৰ পথ প্ৰদৰ্শক । ধৈৰ্যশীলতাই তেওঁলোকৰ কামবোৰৰ মান বঢ়ায় । এই মনৰ অধিকাৰীয়ে কেতিয়াও আত্মহননৰ দৰে নেতিবাচক কাৰ্য (বৰ্তমান সমাজত সংঘটিত হৈ থকা)কৰিবলৈ ৰাজী নহয় । সেই মনে কাহানিও কৰিব নোৱাৰিব ধৰ্ষণৰ (শিশুৰ পৰা বৃদ্ধৰালৈকে) দৰে কাৰ্য । কল্পনা ক’ৰো সেই মনত নাৰীৰ প্ৰতি কোনোবা দুৰ্বল মুহূৰ্তত অপৱিত্ৰ ভাৱৰ উদ্ৰেক হ’লেও পুনৰ পৱিত্ৰ ভাৱৰ উদয় হোৱাৰ । সেই মনত মানুহৰ প্ৰতি থাকিব মাথো প্ৰেম,আন্তৰিকতা,সহৃদয়তা । সৃষ্টিৰ শক্তি অসীম । জীৱনৰ মহত্ত্ব আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখি এটি এটি সৃষ্টিৰ মাধ্যমেৰে মানুহে মনৰ ধূলি আঁতৰাই সুন্দৰ নিকা মনৰ গঢ় দি জীৱন মহীয়ান কৰি তুলিব পাৰে । এই সুন্দৰ মন গঢ় দিব পাৰিম আমি নিজ চেষ্টা আৰু ইচ্ছাক অভ্যাসত পৰিণত কৰি । আমি নিজ ইচ্ছাৰেই সৃষ্টিৰ মাহাত্ম্য উপলদ্ধি কৰিম । এটি এটি সৃষ্টিৰে শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰাখি আমি জীৱনৰ শেষ মুহূৰ্তলৈকে প্ৰকৃতাৰ্থত জীয়াই থকাৰ সন্তোষ লভিব পাৰিম । আমি আশাবাদী ।আশাকৰো , মানুহে এই লেখনি প্ৰতিভাক আদৰি নিজ ইচ্ছা আৰু চেষ্টাৰে ইয়াৰ বিকাশ কৰি, অভ্যাসত পৰিণত কৰি, বাহিৰা সকলো সস্তীয়া কাম আৰু চিন্তাৰ পৰা মনক আঁতৰাই ৰাখি এটি এটি সৃষ্টিৰ আনন্দ পূৰামাত্ৰাই উপভোগ কৰি মনৰ সুন্দৰতাৰে পৰিয়াল আৰু সমাজকো সুন্দৰ কৰাৰ কাৰণ হৈ,আনৰ প্ৰেৰণাৰ উৎস হৈ সন্তোষভৰা জীৱনক আদৰাৰ সৌভাগ্য-সুখ পাওক ।