সূতাৰগাঁও পাব্লিক হাইস্কুলত উপস্থিত শিক্ষা বিষয়া দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষয়িত্ৰীক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ

সূতাৰগাঁও পাব্লিক হাইস্কুলত উপস্থিত শিক্ষা বিষয়া দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষয়িত্ৰীক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- কেইদিনমান পূৰ্বে বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত সূতাৰগাঁও পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ফিৰোজা খাতুন আৰু চাৰিজন সহকাৰী শিক্ষকৰ বিৰুদ্ধে স্কুল খনত চলি থকা অনিয়মৰ বাতৰি প্ৰকাশ পাইছিল।স্কুল খনৰ চাৰিজন শিক্ষক ক্ৰমে-আলিম উদ্দীন, আজিজুল হক, আবুল হাচিম, আৰু নুৰুল আমিনে স্কুল খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰে গোপন বুজা বুজিৰে স্কুলত অনুপস্থিত থকাৰ পিছতো দৈনিক ৰেজিষ্টেৰ বহীত চহী কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।পৰ্যায় ক্ৰমে তথ্য সহকাৰে সেয়া সত্য বুলিও প্ৰমাণিত হৈছিল।আৰু উক্ত ঘটনাটোয়ে অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।আনহাতে স্কুল খনত কৰ্তব্যৰত চাৰিজন শিক্ষক আৰু শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ বাবে দাবী জনাইছিল স্থানীয় অভিবাবক ৰাইজে।তাৰ প্ৰৰিপ্ৰেক্ষিতত ২৫ ডিচেম্বৰ তাৰিখে নগাঁও বটদ্ৰৱা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৃদুল কুমাৰ নাথ স্কুল খনত উপস্থিত হৈ স্কুল খনত এটা চৰজমিন তদন্ত কৰাৰ লগতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীক অভিযোগৰ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিয়ে। স্কুল খনৰ চাৰি জন জ্যেষ্ঠ শিক্ষকে এনেদৰে কৰ্মত গাফিলতি কৰি লাখ লাখ টকা চৰকাৰী দৰমহা খোৱা শিক্ষক ও শিক্ষক সকলক সহযোগ কৰা প্ৰধান শিক্ষয়িত্ৰী গৰাকীক নিলম্বন কৰাৰ লগতে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ স্থানীয় দল সংগঠন তথা সচেতন ৰাইজে দাবী জনাইছে।