সুখৰ অনুভূতি
দুখীয়াৰ দুখ কোনে বুজিব।সিহঁতে দুখৰ মাজতে সুখৰ মুখ দেখে।
ৰীনা এজনী সাধাৰণ ঘৰৰ ছোৱালী।তাই লোকৰ ঘৰে ঘৰে কাম কৰি কোনোমতে ল’ৰা-ছোৱালী কেইটাক আৰু ঘৰখনক পোহ-পাল দি আহিছে।দিনৰ দিনতো তাই এঘৰৰ পিছত এঘৰ কাম কৰি ফুৰে।তাই আমাৰ ঘৰতো মোক কাম কৰাত সহায় কৰি দিয়ে।ৰীনাৰ গিৰিয়েকটো মস্ত মদাহী।গিৰিয়েকে কাম পালে কৰে নহ’লে ঘৰতে বহি থাকে।লগতে ঘৰত তাইৰ বেমাৰী শাহুৱেক গৰাকীও আছে।শাহুৱেকৰ দৰৱ পাতি তায়েই কিনি দিয়ে।কিমান কৰিব আৰু তাই।মাজে মাজে তাই মোক কয়”এনেকৈ দুখীয়া হৈ থকাতকৈ মৰি যোৱাই ভাল বাইদেউ”।মই তাইক বুজাওঁ নাপায় এনেকৈ ক’বলৈ।তাই পিছত বুজি কয় হয় বাইদেউ মই মৰি গ’লে ইহঁত দুটা আৰু ঘৰখনৰ কি হ’ব?
ৰীনাই কেতিয়াবা খাবলৈও সময় নাপাই।মই দিয়া ভাত কেইটা ল’ৰা-ছোৱালী কিটালৈ লৈ যায়।মোৰ বৰ বেয়া লাগে দেখি তাইৰ এই সংগ্ৰাম জীৱনটো। কিমান কৰিব আৰু তাই সংগ্ৰাম। এই কষ্টৰ মাজতে তাই ল’ৰা-ছোৱালী কিটাক যেনেতেনে জোৰা-টাপলী মাৰি চৰকাৰী বিদ্যালয়ত পঢ়োৱাইছে।ল’ৰা-ছোৱালী কিটাইও কষ্ট কৰি পঢ়িছে।
তাই মোক প্ৰায়েই কয়-“বাইদেউ আমি সুখৰ মুখ কেতিয়াও নেদেখিম নেকি?”
সচাঁকৈ এদিন তাইৰো ভাল দিন আহিল।তাইৰ ডাঙৰ ছোৱালীয়ে চতুৰ্থ শ্রেণীৰ বৃত্তি পালে।তাই জিলা খনৰ ভিতৰত প্ৰথম হৈছে বিদ্যালয়খনৰ পৰা।প্ৰধান শিক্ষকে ৰীনাক মাতি নি কথাটো ক’লে। বিদ্যালয়খনৰ গৌৰৱ উজ্জ্বল কৰিলে বুলি প্ৰধান শিক্ষকে ৰীনাক ক’লে তাইৰ ছোৱালীয়ে।আনন্দত তাই আত্মহাৰা হৈ গ’ল।তাইৰ দুচকুৰে পানীৰ নৈ ব’বলৈ ধৰিলে।তাই ফুৰ্টিতে দৌৰি দৌৰি আহি বাইদেউ বাইদেউ বুলি চিঞৰিলে।মই তাইৰ মাত শুনি লৰালৰিকৈ গৈ দৰ্জাখন খুলি দিলোঁ আৰু তাইক শুধিলো কি হ’ল?
তাই হেঁফাই ফোঁপাই ক’লে যে-“আমাৰ ডাঙৰ মাইনাই জিলাৰ ভিতৰত প্ৰথম হৈ বৃত্তি পাইছে”।কথাষাৰ শুনাৰ লগে লগে মোৰ মনটো আনন্দৰে ভৰি পৰিল।ৰীনাৰ মুখত আনন্দৰ লহৰ দেখি মোৰ চকুপানী বৈ আহিল।ৰীনাৰো দুচকুৰে দুধাৰি আনন্দৰ চকুলো বৈ আহিল। মই তাইক সাবটি ধৰি ক’লো-“তই যে এদিন কৈছিলি বাইদেউ আমি কি সুখৰ মুখ নেদেখিম নেকি? চা আজি সেই সুখৰ মুখ তোৰ ছোৱালীয়ে তোৰ জীৱনলৈ আনি দিলে।”তাই আনন্দত আত্মহাৰা হৈ গ’ল।মই ক’লো ৰীনা “তই কৰা কষ্টৰ ফল সাৰ্থক হ’ল”। মই তাইক টকাকেইটামান দিলোঁ মিঠাই খাবলৈ।তাই টকা কেইটা লৈ মোৰ ভৰি চুই সেৱা কৰিলে।তাইৰ সেই নিস্বাৰ্থ মৰমে মোৰ অন্তৰখন চুই গ’ল।
সচাঁকৈ দুখীয়াৰ দুখ কোনে বুজিব।দুখৰ মাজতো সুখৰ মুখ দেখাৰ সপোন ৰচে ৰীনা হতঁৰ দৰে তথাকথিত সৰু মানুহবোৰে।
গতিকে জীৱনৰ ঘাত-প্ৰতিঘাত নেওঁচি আগবাঢ়ি যোৱা ৰীনা আমাৰ বাবে আদৰ্শ স্বৰূপ।
হিমাদ্ৰী বৰকটকী
শিৱ নগৰ,২নং উপপথ
নগাওঁ(অসম)