নীৰৱ পখীৰ গান – মানসী মিশ্র

Pc- Pinterest

নীৰৱ পখীৰ গান

স্তব্ধতাৰ নিৰ্জন পোহৰত খিৰিকীখন
আকৌ খুলি দিলোঁ মই
জোলোঙাৰে এচমকা পোহৰ কিজানিবা
আহেই সোমাই তোমাৰ জীৱনলৈ..
হয়তোবা মই হেৰাই যোৱাৰ পোহৰ এয়া
হয়তোবা বাস্তবৰ সপোনবোৰ আলফুলে সজাবলৈ
প্ৰয়োজন হোৱা পোহৰ এয়া
এৰা,মই যদি আঁতৰি দিলেই
তোমাৰ হাঁহিবোৰ সেউজীয়া হয়,
তোমাৰ হৃদয়ৰ শব্দবোৰ কিজানিবা আলফুল হয়
মই…….মই আঁতৰি দিলে
ঠিক সেই কবিতাৰ নিমজ শব্দবোৰৰ দৰেই
এৰা,মোৰ অবিহনে তোমাৰ হৃদয়ৰ উত্তাপবোৰে
সাৰ পাব,সপোন দেখিব সেউজী দিনৰ
সপোনবোৰেও সাৰ পাব জোনাকী পৰুৱাৰ
ঢিমিকি পোহৰত…….
আহক,এই খিৰিকী খনেদিয়ে সোমাই আহক
এজোলোকা নতুন পোহৰ তোমাৰ জীৱনলৈ।

মানসী মিশ্র