সুখী হ’ম জানো – প্ৰিন্স পাঠক

PC - Shutterstock
সুখী হ’ম জানো 
প্ৰিন্স পাঠক,
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
যদি মই গুচি যাওঁ
এই দেহা এৰি,
জীয়াই থাকি পোৱা
যন্ত্ৰণাবোৰৰ পৰা
অৱকাশ পাম জানো ?
সুখে-দুখে সদায় একেলগে
থকা আপোনকেইজনক
আকৌ দেখা পাম জানো ?
মনে বিচৰা প্ৰিয়জনক
মনৰ কথা নোকোৱাকৈ
কেনেকৈ গুচি যাওঁ বাৰু।
জীৱনৰ অনেক মূহুৰ্তত
মৃত্যুক কামনা কৰা মোৰ মনে,
মৃত্যুৰ খোজৰ শব্দ শুনি
আজি আৰ্তনাদ কৰিছে কিয় ?
এই পাতলিয়া বয়সতে
যদি জীৱনৰ ওৰ পৰে,
সকলোৰে পৰা আঁতৰি
মই সুখী হ’ম জানো ?