সাম্প্ৰতিক সময়ত বিশ্ব সংস্কৃতি আৰু ধৰ্মৰ সম্পৰ্ক
ফখৰুদ্দিন আহমেদ
বিশ্বত সকলোবোৰ ধৰ্ম তিনিটা শিক্ষনীয় বিষয়বস্তুৰ ওপৰত প্ৰধানকৈ প্ৰতিষ্ঠিত।সেই তিনিটা বিষয়বস্তু হ’ল সৃষ্টিকৰ্তাৰ প্ৰতি আনুগত্য, নিজৰ আত্মাক পৰিচালিত কৰিবলৈ বিবেক আৰু সৎ ভাবে উপাৰ্জন কৰিবলৈ কৰ্মময় জীৱন । সকলো ধৰ্মৰ ধৰ্ম প্ৰচাৰক সকলৰ জীৱন পৰিক্ৰমা, ধৰ্ম গ্ৰন্থ আৰু ধৰ্মপ্ৰচাৰক সকলৰ প্ৰত্যক্ষ অনুসৰনকাৰী সকলৰ কৰ্মময় জীৱন কালত ওপৰোক্ত তিনিওটা বৈশিষ্ট্যৰ পূৰ্ণ প্ৰতিফলন দেখিবলৈ পোৱা যায়। ধৰ্মগ্ৰন্থ সমূহ হৈছে পাৰ্থিব জীৱনৰ পাথেয় অাৰু মৃত্যুৰ পৰৱৰ্তী কালৰ মুক্তিৰ উৎস। এই কাৰণ বিলাক প্ৰস্ফুটিত কৰাৰ স্বাৰ্থত বিশ্বৰ সকলো প্ৰান্তত সৰ্বকালৰ বাবে প্ৰযোজ্য হয় ধৰ্ম বিলাকৰ একেখিনি আচৰন বিধি। উক্ত দিশবোৰৰ বাবেই সাম্প্ৰতিক সময়তেই নহয় অতীতৰ পৰা ধৰ্ম বিশ্ব সংস্কৃতিৰ অভিন্ন অংগ হৈ আছে।
প্ৰত্যেক ধৰ্মৰে কিছুমান দাবী আছে। ভিন ভিন ধৰ্মৰ উৎপত্তি বিশ্বৰ ভিন ভিন দেশত হৈছে। সনাতন ধৰ্মৰ মূল উৎপত্তি স্থল প্ৰধানকৈ অবিভক্ত ভাৰতবৰ্ষ। চাৰি বেদৰ উপৰিও ভাৰতীয় দুই বিখ্যাত মহাকাব্য ৰামায়ন আৰু মহাভাৰতৰ মহান চৰিত্ৰ সমূহৰ দুই প্ৰধান চৰিত্ৰ ৰাম আৰু কৃষ্ণ সনাতন ধৰ্মৰ ভগৱানৰ দশাৱতাৰৰ দুটা অৱতাৰ। কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ প্ৰায় সকলো দেশতে এই সনাতন ধৰ্মৰ ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছে।
ইছলাম ধৰ্মৰ উদ্ভব, বিকাশ অাৰু বিস্তাৰৰ লগত আদি মানব আদম আৰু ইভ (হাৱা) ৰ পৰা শেষ নবী আৰু ৰছুল হজৰত মহম্মদ ছঃ লৈকে অৰ্থাৎ ৬৬৩ খ্ৰীষ্টাব্দলৈকে বিয়পি আছে। এই ইছলাম ধৰ্মৰ সমগ্ৰ বিশ্বত প্ৰায় ৫৭ খন ইছলামিক দেশ থকাৰ উপৰিও বিশ্বৰ আন শতাধিক দেশত ইছলাম ধৰ্মাৱলম্বী লোক আছে।
বিশ্বৰ বেছি সংখ্যক ধৰ্মাৱলম্বী লোক থকা খ্ৰীষ্টান ধৰ্মৰ লোকেৰে পশ্চিমীয়া বিশেষকৈ ইউৰোপীয়ান দেশবোৰ ভৰি অাছে। প্ৰচাৰক যিশুক অনুসৰন কৰা খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ স্থান হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ দেশ ভেটিকান চিটি। ভাৰতবৰ্ষত মুছলমান আৰু খ্ৰীষ্টান সকল সংখ্যাগত ভাবে সংখ্যালঘূ।
ইয়াৰ উপৰিও চীনৰ কনফুচিয়ান ধৰ্ম, জেৰুজালেমৰ ইহুদী ধৰ্ম , গয়াৰ বুধিবৃক্ষৰ তলত তপস্যা কৰি পুৰ্ন জ্ঞান প্ৰাপ্ত বুদ্ধ দেৱৰ অনুসৰনকাৰী ম্যানমাৰ , চীন , তীব্বত, শ্ৰী লংকা আৰু ভাৰতবৰ্ষৰ উপৰিও বিশ্বৰ আন আন দেশতো আছে। গুৰু নানকৰ শিখ ধৰ্ম , মহাবীৰ জৈনৰ জৈন ধৰ্মৰ লগতে আন আন ধৰ্মৰ অনুসৰনকাৰী ভাৰত তথা বিশ্বত বিয়পি আছে।
বিশ্বৰ প্ৰাণীকুলৰ ভিতৰত একমাত্ৰ সাংস্কৃতিক ভাবে বসবাস কৰি আহিছে কেৱল মানুহে। সংস্কৃতি হৈছে মানুহৰ জীৱন পৰিক্ৰমাত কৰি অহা কৰ্মময় জীৱন । বিশ্বৰ প্ৰায় পছানব্বৈ শতাংশ মানুহেই ধৰ্মীয় ভাবে নিৰ্দিষ্টকৈ বিশেষ বিশেষ ধৰ্মৰে আন্তৰিক ভাবে জৰিত , সেয়ে ধৰ্মময় জীৱন কটোৱা এই মানুহৰ সমাজে ধাৰ্মিক দিশত ৰূপায়ন কৰি অহা কামবিলাক বিশ্ব সংস্কৃতিৰ অন্তৰ্ভুক্ত । সাম্প্ৰতিক সময়ৰ বিশ্বায়নৰ যুগত এই বিষয়টি বুজিবলৈ তেনেই উজু।
বিশ্বৰ সকলো স্বাধীন দেশৰ একো একোখন লিখিত নতুবা অলিখিত সংবিধান থাকে।বিশ্বৰ আটাইতকৈ তথ্যবহুল আৰু লিখিত সংবিধান থকা দেশখন হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। উত্তৰ কোৰিয়া আৰু চৌদী আৰবৰ ৰ দৰে দেশত সাম্প্ৰতিক সময়তো ৰাজতন্ত্ৰ চলি আছে।
স্বাধীনতাৰ পিছত গৃহীত কৰা সংবিধান মৰ্মে আমাৰ দেশ ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ গণতান্তিক আৰু ধৰ্মনিৰপেক্ষ দেশ।ইয়াত থকা ভিন ভিন ধৰ্মাৱলম্বী সকলে নিজৰ নিজৰ ধৰ্ম স্বাধীন আৰু স্বকীয় ভাবে পালন কৰিব পাৰে। এয়া ভাৰতবৰ্ষৰ নাগৰিক সকলৰ গণতান্ত্ৰিক অধিকাৰ।ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত এই অধিকাৰ কোনও খৰ্ব কৰিব নোৱাৰে। লগতে আনৰ ধৰ্মীয় অধিকাৰ খৰ্ব কৰোতাজন সংবিধান বিৰোধী অাৰু তেনে মানুহ দেশৰ শত্ৰু।
ধৰ্মৰ লগত আনুগত্য , বিবেক আৰু কৰ্ম বিশেষ ভাবে জৰিত যদিও সম্প্ৰতি আমাৰ অসমীয়া তথা ভাৰতীয় সমাজ ব্যবস্থাত ৰাজনৈতিক নেতাৰ লগতে দুই এজন বিশেষ ব্যক্তিয়ে অনাহুত ভাবে দুটা বিষয়ক বিশেষ ভাবে জৰিত কৰি লোৱা দৃষ্টিগোচৰ হৈছে। সেই দুটা হ’ল ধৰ্মীয় আবেগ সৰ্বস্বতা আৰু আন বিশেষ ধৰ্মক কৰা কটু সমালোচনা।
সাম্প্ৰতিক সময়ত এই দুটা বিষয়ে ভাৰতবৰ্ষ তথা অসমৰ পৰিবেশ আৰু পৰিস্থিতি বিষময় কৰি তুলিছে। ধৰ্মীয় আফিঙৰ বিস্তৃতি আৰু যুব চামৰ জ্ঞানৰ দৈন্যতাৰ ফলশ্ৰুতিত চ’চিয়েল মেডিয়াৰ মজিয়াত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টকাৰী মন্তব্যৰ বাৰুকৈয়ে পয়োভৰ ঘটিবলৈ লৈছে।প্ৰকৃততে ধৰ্ম হৈছে নিজে পালন কৰিবলৈহে , নিজে এটি ধৰ্মৰ বিশ্বাসী আৰু অনুসৰনকাৰী হৈ আনৰ ধৰ্মক ভুল আৰু কটু সমালোচনা কৰি আক্ৰমনাত্মক হোৱাৰ নাম ধৰ্ম নহয়। যি মানুহে নিজৰ ধৰ্মক নীতি নিয়ম অনুযায়ী পালন কৰে তেও কেতিয়াও আন ধৰ্মক সমালোচনা কৰিব নোৱাৰে বৰঞ্চ শ্ৰদ্ধাশীল হ’বই লাগিব। কুৰ্তা , পাইজামা আৰু মুৰত টুপি বা পাগুৰী পিন্ধিলেই যিদৰে প্ৰকৃত মুছলমান নহ’ব ঠিক সেই দৰে গেৰুৱা পোচাক পিন্ধি কপালত চন্দনৰ ফোট ল’লেই প্ৰকৃত সনাতন ধৰ্মী নহ’বও পাৰে। লাগিব আন্তৰিক বিশ্বাস আৰু আনুগত্য। প্ৰকৃত ধাৰ্মীক ব্যক্তিৰ দ্বাৰা মানব সমাজত শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীৰ সৃষ্টি হয়।এয়েই হৈছে প্ৰকৃত পক্ষে বিশ্ব সংস্কৃতিৰ এটি অভিন্ন অংগ ধৰ্মৰ নামত হোৱা সম্পাদিত কৰ্মৰ প্ৰতিফলন।
বিশ্ব সংস্কৃতিৰ অভিন্ন অংগ বিভিন্ন ধৰ্মত বিশ্বাসী সমাজবোৰক শান্তি , সম্প্ৰীতি আৰু সমন্বয়ৰ দ্বাৰা বান্ধি ৰাখিবলৈ মহামানব মহাত্মা গান্ধী , পণ্ডিত জৱাহৰলাল নেহেৰু , মৌলানা আবুল কালাম আজাদ , সুভাস চন্দ্ৰ বসু , অসমৰ সমাজ জীৱনৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব , মহাপুৰুষ শ্ৰী শ্ৰী মাধবদেব , শ্বাহ মিলন ওৰফে আজান ফকিৰ , লোকপ্ৰীয় গোপীনাথ বৰদলৈ আদিৰ দৰে সংস্কৃতিবান নহ’লেও তেখেত সকলৰ এচাম অনুৰাগী আৰু অনুসৰনকাৰী দেশৰ বাবে পুনৰ ওলাই অহাৰ প্ৰয়োজনবোধ ইতিমধ্যে আহি গৈছে।
ধৰ্মীয় ভাবেও ভাৰতীয় মহাকাব্য মহাভাৰতৰ শ্ৰীকৃষ্ণৰ দৰে “স্থিতপ্ৰজ্ঞ” , ৰামৰ দৰে পিতৃভক্ত , ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক হজৰত মহম্মদ ছঃৰ দৰে ধৈৰ্য আৰু ক্ষমা গুণ , যীশুৰ দৰে আত্মোৎসৰ্গ , বুদ্ধৰ দৰে ত্যাগী , গুৰু নানকৰ দৰে ঐক্যবদ্ধতা , মহাবীৰ জৈনৰ দৰে সহনশীলতা , মহাত্মা গান্ধীৰ দৰে উদাৰতা আৰু মাতৃভুমিৰ স্বাধীনতাকামী আদি বিশেষত্বক অলংকাৰ কৰি নিস্বাৰ্থবান ধৰ্মগুৰুৰ প্ৰয়োজনীয়তাৰ সাম্প্ৰতিক সময়ৰ স্বীকাৰ্যক নেওচি চকু মুদি থাকিব নোৱাৰা দেশ তথা ৰাজ্যৰ নাগৰিক সকলে হাতত হাত ধৰি শান্তি , সম্প্ৰীতি আৰু সমন্বয়ৰ দৃঢ়তাৰ শৃংখল গঢ়ি তোলা নিত্যান্তই প্ৰয়োজন হৈ পৰিছে। নহ’লে বৰ্তমান অাৰু পৰৱৰ্তী দেশৰ প্ৰজন্মই বিশ্ব সংস্কৃতিৰ অভিন্ন অংগ ধৰ্মীয় জগতখনৰ ভগ্নাৱশেষৰ ভুলুণ্ঠিত মাবৱতাৰ পৃষ্ঠভুমিত বসতি কৰিব লাগিব।