সামুদ্ৰিক ঘূৰ্ণি ইডাৰ ফলত আমেৰিকাত বানসদৃশ পৰিস্থিতি

সামুদ্ৰিক ঘূৰ্ণি ইডাৰ ফলত আমেৰিকাত বানসদৃশ পৰিস্থিতি

অনলাইন বাৰ্ত্তাসেৱা- সামুদ্ৰিক ঘূৰ্ণি ইডাই আমেৰিকাত ক্ষয়-ক্ষতি কৰিছে। সামুদ্ৰিক ঘূৰ্ণি ইডাই প্ৰথমতে আমেৰিকাৰ লুইছিয়ানা চহৰত খুন্দা মৰাৰ পাছত সম্প্ৰতি নিউয়ৰ্ক, নিউ জাৰ্ছি, ফিলাডেলফিয়া লগতে উত্তৰ আমেৰিকাৰ কেইবাখনো প্ৰদেশত বিধ্বংসী ৰূপ লৈছে। সামুদ্ৰিক ঘূৰ্ণি ইডাৰ ফলত দেশখনত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি নিউয়ৰ্কত বৃষ্টিপাতে ৪০০ বছৰৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে। নিউয়ৰ্কৰ ইতিহাসত প্ৰথমবাৰলৈ জৰুৰীকালীন অৱস্থা বলৱৎ কৰা হৈছে। নিউ জাৰ্ছিত বানসদৃশৰ পৰিস্থিতিৰ বাবে ১৪জন লোকৰ মৃত্যু হৈছে।

 

(RT)