সামাজিক মাধ্যমৰ ব্যৱহাৰ : তথ্য আৰু জনসংযোগ বিষয়াৰ তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি 

সামাজিক মাধ্যমৰ ব্যৱহাৰ : তথ্য আৰু জনসংযোগ বিষয়াৰ তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰ আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰক্ষী হিচাপে কাম কৰি অহা অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলক সাম্প্রতিক সময়ৰ সৈতে আগুৱাই যাব পৰাকৈ প্রযুক্তিগতভাৱে সুপ্রশিক্ষিত কৰাৰ উদ্দেশেৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সামাজিক মাধ্যমৰ ব্যৱহাৰ বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ আজি দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণী অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সচিব উমানন্দ দলেই অংশগ্রহণ কৰি সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানি চলিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত তথ্য আৰু জনসংযোগ সঞ্চালক বিষ্ণু কমল বৰাই বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি জনসাধাৰণক সেৱা আগবঢ়াব পৰাকৈ প্রয়োজন হোৱা বিভিন্ন দিশ আলোচনা কৰে ৷  উল্লেখযোগ্য যে, সামাজিক মাধ্যমৰ বিভিন্ন দিশ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষণ প্রদান কৰে মুম্বাইৰ পৰা অহা দুগৰাকী প্ৰশিক্ষক ক্ৰমে চাজিদ এদি আৰু বেদান্ত ঠাকুৰীয়াই। তদুপৰি কর্মক্ষেত্ৰত প্ৰয়োজন হোৱা ব্যৱহাৰিক কাৰ্যদক্ষতা বৃদ্ধি সম্পৰ্কীয় প্রশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক প্রশান্ত পানীফুকনে ।