সাক্ষী হত্যাৰ অভিযুক্ত চাহিল খানক ফাচী প্ৰদান কৰি সাক্ষীক ন্যায় প্ৰদান কৰক: অ:ভা:বি:প:
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৰাজধানী চহৰ দিল্লী ক্ৰমাগতভাৱে হৈ পৰিছে নাৰী সকলৰ বাবে অসুৰক্ষিত। বিভিন্ন সময়ত প্ৰায়েই লাভ জেহাদৰ দৰে খবৰ বোৰো পোহৰলৈ আহে। শেহতীয়াভাৱে সাক্ষী নামৰ এগৰাকী ১৬ বছৰীয়া হিন্দু ধৰ্মাৱলম্বী ছোৱালীক এগৰাকী মুছলমান ধৰ্মালম্বী যুৱক চাহিল খানে চাকুৰে অতি নৃশংসভাৱে হত্যা কৰাৰ খবৰ পোহৰলৈ আহে। এয়াই পুনৰ লাভ জেহাদৰ নামত দেশৰ ছোৱালী সকলৰ ওপৰত হৈ থকা শোষণ তথা প্রবঞ্চনাক প্ৰমাণ কৰিলে৷আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা সাক্ষীৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। যত বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰান্তৰ ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যৰ লগতে ৰাজ্যিক যুটীয়া সম্পাদিকা বৰষা গোহাঁই উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই সাক্ষী নামৰ ছোৱালী জনীৰ ন্যায়ৰ বাবে হত্যাকাৰী চাহিল খানক ফাচী প্ৰদানৰ দাবী জনায় লগতে কয় যে ‘দেশৰ ৰাজধানী চহৰ খনত সঘনাই হৈ থকা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে পুলিচ তথা প্ৰশাসন আৰু অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ হিন্দু ধৰ্মাৱলম্বী ছোৱালী সকলৰ ওপৰত হোৱা লাভ জেহাদৰ ঘটনা বোৰ যাতে পুনৰ সংঘটিত হ’ব নোৱাৰে তাৰ বাবেও প্ৰশাসন অধিক সস্তম হোৱাৰ দৰকাৰ ।