সময়ৰ আহ্বান..
সময় যে কাৰোলৈ ৰৈ নাথাকে
সময় উৰি গুচি যায় আগলৈ
ঠিক পাখি লগা কাড়ঁৰ দৰে।
সময় আহিছে সময় গৈছে
প্ৰতি সময়ৰ খোজে খোজে
আমাৰ পদচিহ্ন
এৰি থৈ যাব লাগিব।
নতুনক আদৰিছোঁ বুলি
পুৰণিকো পাহৰিব নালাগিব
কাৰণ পুৰণিয়ে আমাৰ
নতুন অংকুৰণৰ বীজ।
সময়বোৰ হওঁক
সকলোৰে আৰ্শীবাদ
দুঃসময়বোৰ যাওঁক
সম্পূৰ্ণ নিপাত।
নন্দেশ্বৰ মিলি
8638881953