সম্পৰ্ক – ড০ ৰাস্না ৰাজখোৱা, জামুগুৰিহাট, শোণিতপুৰ

pc Printerest

সম্পৰ্ক

ড০ ৰাস্না ৰাজখোৱা,
জামুগুৰিহাট, শোণিতপুৰ

এটা সম্পৰ্কৰ অন্তিম বিন্দুটো
আন এটা সম্পৰ্কৰ প্ৰাৰম্ভিক বিন্দু
এটা চিৰন্তন সত্য
কথাটো তোমাক কোৱাৰ আগতে
নিজক বহুতবাৰ ক’লো
ৰঙীণ চিঞাহীৰে নহ’লেও
কাঠপেঞ্চিলেৰেই এডাল যতি চিহ্ন অকাঁ ভাল
এটা সম্পৰ্কই প্ৰসৱ যন্ত্ৰণাত ছটফটাই আছে
অৱশেষত
আমি এটা বৃত্ত আকিলোঁ
তাৰ পৰিধিত ফুলিল এপাহ জুইফুল
বৃত্তটো বিন্দু হ’ল
সদ্য ভূমিষ্ঠ সম্পৰ্কই হাতত ধৰি
লৈ গ’ল তোমাক বিন্দুৰ পৰা সিন্ধুলৈ
আৰু মই
সপোন এটা দেখাৰ হেপাহঁত
তাতে শুই থাকিলো।