সম্পূৰ্ণ টিকাকৰণ কৰা যাত্ৰীসকলৰ বাবে কোভিড-১৯ৰ পৰীক্ষা বাধ্যতামূলকঃ অসম চৰকাৰ

pc Asianet Newsable

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছত ৰেল আৰু বিমানেৰে ৰাজ্যখনত প্ৰৱেশ কৰা যাত্ৰীসকলৰ বাবে কোভিড-১৯ পৰীক্ষা বাধ্যতামূলক কৰিছে। ইয়াৰোপৰি, কোৱা হৈছে যে ইয়াক কৰাৰ মূখ্য় কাৰণ হৈছে দুয়োটা পালি প্ৰাপ্ত কৰাৰ পিছতো মানুহে কোভিড-১৯ত সংক্ৰমণ হোৱাৰ উদাহৰণো নোহোৱা নহয়। ইয়াৰ আগতে, ৰাজ্যখনে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা যাত্ৰীসকলক পৰীক্ষাৰ পৰা ৰেহাই দিছিল, কিন্ত এইবাৰ এনে কৰা নহয়।

(UD.)