সম্পত্তি-সংগীতা ডেকা

pc-Legal bites(images are only for a represtation purpose)

সম্পত্তি….

শাহু শহুৰেকৰ অনুপস্থিতিত ঘৰখনৰ সৰু বোৱাৰীয়েকে নিজৰ বিধৱা বৌয়েকৰ বাবে, জোখতকৈ অলপ বেছি মৰম সানি ভাতৰ থালখন লৈ আনিলে। ৰুমৰ বাহিৰত দেৱৰেকে ৰৈ চাই আছে তেওঁ খায় নে নাখায় । তাৰ পিছত  ” ভাতৰ থালখন ইমান কষ্ট কৰি কিয় আনিব লাগে ? দাইল বাতিয়ে পোনপটীয়াকৈ খাই দিও দিয়া । মোৰ সংসাৰখনত ছাইৰ বাহিৰে কিনো আছে এতিয়া ? কিন্তু দাইলখিনিৰ মাজত তো স্বপ্ন লুকাই আছে তোমালোকৰ। নহয় জানো ? কাৰোবাৰ কামত আহিব পাৰিলেই জীৱন সাৰ্থক হ’ব দিয়া চোন মোৰ । নহয় নে…?”

” বৌ, কি ক’লে আপুনি…? নাই, নাই মই একো কৰা নাই।”

ভয়তে থালখন পৰি গ’ল হাতৰ পৰা আৰু বাহিৰত দেৱৰেকে….

_✍️ সংগীতা ডেকা #ৰঙিয়া