সমগ্র বিশ্বত এতিয়ালৈ ১৭.৫১ কোটিৰো অধিক লোক সংক্রমিত হৈছে কৰ’নাত

pc covid19.who.int

অনলাইন বাৰ্ত্তাসেৱা – বিশ্বত কৰ’না সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। ১ দিনৰ ভিতৰত  বিশ্বজুৰি ৪ লাখ ১৫ হেজাৰ ৫৩৬জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। উক্ত সময়ছোৱাত মুঠতে ১৩,৭৫৫জন লোকৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। ব্ৰিটেইনতো কৰ’না সংক্ৰমণৰ ঘটনা বৃদ্ধি হ’বলৈ ধৰিছে। দেশখনত বুধবাৰে ৭,৫৪০ জন লোক কৰ’নাত সংক্রমিত হয়। ইয়াৰ পূৰ্বে ২৬ ফেব্ৰুৱাৰীত দেশখনত ৭,৪০১জন লোকৰ দেহত কৰ’নাৰ সংক্ৰমণ ধৰা পৰিছিল। স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিয়ে যে ব্ৰিটেইনত কৰ’নাৰ তৃতীয় লহৰৰ আশংকা প্ৰবল হৈ পৰিছে। ইফালে ইণ্ডোনেছিয়াত বুধবাৰে ১০০ দিনৰ পাছত সংক্ৰমণৰ সর্বাধিক ৭,৭২৫টা ঘটনা পোহৰলৈ আহে। বুধবাৰৰ দিনটোত দেশখনত মহামাৰীয়ে ১৭৫ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। ৰাছিয়াতো এটা দিনৰ ভতৰতেই ১০,৪০৭ জন লোক কৰ’নাত আক্রান্ত হয়। মহামাৰীৰ পৰা ইমানদিনে নিজক ৰক্ষা কৰা টাইৱানতো শেহতীয়াকৈ কৰ’না সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। দেশখনত এদিনৰ ভিতৰত ২৭৫ জন সংক্রমিত চিনাক্ত হয় আৰু ২৫জন লোকৰ মৃত্যু হয়। স্মর্তব্য যে সমগ্র বিশ্বত এতিয়ালৈ ১৭.৫১ কোটিৰো অধিক লোক কৰ’নাৰ দ্বাৰা সংক্রমিত হৈছে। তাৰ ভিতৰত মহামাৰীৰ কবলত পৰি ৩৭.৭৬ লাখ লোকৰ মৃত্যু হৈছে। অৱশ্যে ১৫.৮৬ কোটি লোকে কৰ’নাৰ বিপক্ষে জয়লাভ কৰিছে। সম্প্রতি বিশ্বত ১.২৭ কোটি লোক চিকিৎসাধীন অৱস্থাত আছে।