সপোনৰ শেষত–মিনাক্ষী দেৱী শৰ্মা। চিৰিশটিকা, দেৰগাঁও,(গোলাঘাট )

সপোনৰ শেষত @ (গল্প)
*******

মুঠিয়াই মুঠিয়াই প্ৰতিদিনে এসাগৰ ভালপোৱাৰ বৰষুণ সিচিঁ দিছিল মূৰ্ছনাৰ হৃদয়ত সপোন ভালপোৱা মৰম আকলুৱা দিপে……আৰু তাইও দুহাত মেলি বুকুত সাতোৰঙী ৰামধেনু আকিঁ প্ৰেমৰ বৰষুণ ত উটি ভাহিঁ পৰিছিল ,দুয়ো দুয়োটে মগন ,যেন আজন্ম প্ৰেমিক …..।তথাপি কিন্তু দুয়োয়ে ব্যৱধান মানি চলিছিল ।পঢ়াৰ লগতে দিপ আৰু মূৰ্ছনাই সংগীতৰ জগত খনতো ভৰি দিছিল ….।আজিকালি দুয়োকে বহুত মানুহে চিনি পায় ,এনেকৈ দিনবোৰ পাৰ হৈ যায় আৰু সিহঁতৰ সম্পৰ্ক ও গাঢ়তাৰ পৰা গাঢ় হৈ গৈ থাকে আৰু ভৱিষ্যতত দুয়ো মিলি ‘সংগীতৰ বিদ্যালয়’এখন খোলাৰ সপোন দেখে য’ত আৰ্থিক ভাৱে পিছ পৰা ল’ৰা ছোৱালী বিলাকে অগ্ৰাধিকাৰ পাব..…।সময়ত দুয়ো স্নাতক পৰীক্ষা ৰ ফাইনেল দি আজৰি হয় ,সেয়ে দিপ ওলাল সংগীত ৰ প্ৰশিক্ষণৰ বাবে মুম্বাই যোৱাৰ য’ত তাৰ বন্ধু ৰাজে সকলো ঠিক কৰি দিব।আজি দুয়ো বহিছেহি বৰনৈৰ পাৰত শেষবাৰৰ বাবে ….হয়তো ব্যস্ততা ৰ মাজত সি আহিব পাৰিবনে নাই তাৰ কোনো ঠিক নাই …এটাৰ মুখতো মাত নাই ,মৌনতাই যেন কৈ গৈছে বুকুৰ বেদনা ….এজাক হিম শীতল বতাহে দুয়োকে চুমি থৈ গ’ল লগে লগে তাই দিপৰ উমাল বুকুত সোমাই সাৱটি ধৰিলে আৰু সিও দুয়ো হাতে প্ৰাণৰ প্ৰতিমাক শেষ বাৰ বাবে ধৰি ললে ….নাজানে সি আৰু পুনৰ ঘুৰি আহিব পাৰিবনে নাই তাইৰ কাষলৈ …..যেতিয়া তাৰ অসুখৰ কথা গম পাব পাৰিবনে তাই নিজক চম্ভালি লব …..বহু সময় তেনেকৈ থকাৰ পাছত দুয়োৰে তন্ময়তা ভাগিল আৰু ফোন কৰাৰ প্ৰতিশ্ৰুতি ৰে নিজৰ ঘৰলৈ বুলি ৰাওনা হ’ল।দিপে জানে এয়ে তাৰ মূজনীৰ লগত শেষ দেখা ….সেয়ে সি ৰাজক কিছুমান কথা কবলৈ মুম্বাইলৈ যাব ..সি জানে বন্ধু ৰাজেহে তাৰ সপোন পুৰাব পাৰিব …এয়া ফ্লাইটত বহি শেষ বাৰৰ বাবে জন্ম ঠাইখন চাই লৈছে …..।হৰ্ঠাতে আকৌ জোৰত মূৰটো বিষাবলৈ ধৰিলে ….এহাতে মুৰটো চেপি আনটো হিতেৰে পেইন কিলাৰটো চাৰ্টৰ জেপৰ পৰা উলিয়াই খাই চকু কেইটা মুদি দিলতহে অলপ ভাল পালে।
ব্যস্ত মুম্বাইত ভৰি দি দেখিলে ৰাজ তাক নিবলৈ ৰৈ আছেহি ,দুয়ো হাঁহি হাঁহি ৰাজৰ ফ্লেটলৈ গ’ল যাওঁতে দিপে কৈ গ’ল মূৰ্ছনাৰ কথা ,সিহঁতৰ সপোনৰ কথা ….ৰাজে শুনি গ’ল মাথো।কথাৰ মাজত ডাক্তৰ ৰ এপণ্টমেণ্টৰ কথা ৰাজে সোৱঁৰাই দিলে। আধাঘণ্টামানৰ পাছত ৰাজৰ ফ্লেট পালেহি।দুয়ো ফ্ৰেছ হৈ চাহ খাবলৈ ধৰোতে দিপৰ আকৌ সহিব নোৱাৰাকৈ মুৰ বিষাবলৈ ধৰিলে ….ৰাজে একো উৱাদিহ নাপাই লগে লগে হস্পিতললৈ লৈ গ’ল।ডাক্তৰে অৱস্থা সংকটজনক দেখি ICU ত ভৰাই দিলে ……অলপ সময়ৰ পিছত ডাক্তৰ ওলাই আহি ৰাজক কলে ৰোগীৰ হাতত সময় কম ,সোনকালে পৰিয়ালৰ মানুহক খবৰ দিয়ক …এতিয়া অলপ সময় আপুনি লগ কৰিব পাৰিব ….ৰাজে একে দৌৰে দিপৰ ওচৰ পালেগৈ ….কিয় এনেকুৱা কৰিলি তই? তোৰ ব্ৰেইন টিউমাৰৰ কথা কাকো কিয় নজনালি ,তোৰ অবিহনে তাই কেনেকৈ জী থাকিব…..।।মুখত হাঁহি বিৰিঙাই দিপে কৈ গ’ল কোনোদিনে নোকোৱাকৈ থকা গোপন কথা ….শেষলৈ তাৰ মাত নোহোৱা হৈ গ’ল …দিপ দিপ বুলি চিঞৰি দিয়াত ডাক্তৰ দৌৰি আহি দেখিলে ইতিমধ্যে সকলো শেষ ….।ইফালে মূৰ্ছনাই ফোনৰ ওপৰত ফোন কৰি আছে কিন্তু সি কাটি দিছে বাৰে বাৰে…..।কেনেকৈ কয় তাইৰ বাখৰুৱা মাণিক নাই বুলি ….তথাপি কব লাগিব …বুকুত সাহস গোটাই কৈ গ’ল ৰাজে সকলো যিবিলাক দিপে কোৱা নাছিল কাহানিও ..…কথা শুনি মূৰ্ছনা মূক হৈ পৰিল ।তাইৰ ভনীয়েকৰ পঢ়াৰ খৰচ সি দিছিল আৰু তাৰ বাবে সি অত্যাধিক মগজুৰ প্ৰেচ পাইছিল যাৰ বাবে পেইন কিলাৰ খাই মুৰৰ বিষ অলপ দিনৰ বাবে মাৰ গৈছিল শেষত ব্ৰেইন টিউমাৰ হৈ কাকো জানিবলৈ নিদি অচিন ঠাইত শেষ হৈ গ’ল …..তাই একো কৰিব নোৱাৰিলে…..‌ ।
তাই কেইবাদিনো নিজকে শেষ কৰি দিপৰ ওচৰলৈ যাব ওলায় …কিন্তু কিবা এটা মায়াত ৰৈ যায় … ভাহিঁ আহে দিপৰ মুখখন ,তাৰ সপোন পিয়াসী মনটোৰ কথা যি সপোনৰ কলিটো পূৰ নৌহঁওটেই মৰহি গ’ল….।ভাবালেশহীন দুচকুৱে মাথো দুৰ দিগন্তলৈ চাই আছে তাই.…।
আজি ৰাজে দুবছৰৰ পাছত বহুত কষ্টৰ মাজেৰে মূৰ্ছনাক উলিয়াই আনিছে ,দিপ নোহোৱা দিন ধৰি তাই ওলোৱাই নাই….।গন্তব্য স্হান পাই তাইৰ মুখত এচমকা হাহিঁৰ ৰেঙণি ফুটি উঠিল …লিখা আছিল ‘উদিত সংগীত বিদ্যালয়’যিটো তাইৰ আৰু দিপৰ সপোন আছিল ,আজি সেই সপোন ৰাজে বাস্তৱত কৰি দিলে ।আনমনা হৈ ফলকখন চাই থাকোতে কাণে কাণে কোৱা শুনিলে সুখী হোৱা মূ ,মই সদায় তোমাৰ কাষত ….হৰ্ঠাতে সৰু সৰু ল’ৰা ছোৱালী কেইটামানে ধৰি বিদ্যালয় খন আৰম্ভ কৰিবলৈ টানি নিলে . তেতিয়া হে তাই সম্বিত আহিল …লগে লগে তাইও সিহঁতৰ সৈতে সোমাই গ’ল এটা সপোন পুৰণৰ আশাত …..আতৰৰ পৰা ৰাজে অপলক নেত্ৰে চাই ৰৈছে …..নাজানে সি সফল হব পাৰিবনে নাই দিপৰ মূৰ্ছনাক আগৰ ৰূপত ঘুৰাই আনিব পাৰিবনে নাই….. তথাপি সি চেষ্টা কৰিব সদায়……..।
সমাপ্ত **************

মিনাক্ষী দেৱী শৰ্মা।
চিৰিশটিকা, দেৰগাঁও,(গোলাঘাট )
ফোন নং-৯৮৫৯১৬২৮৫৭