সদ্য প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু অভিনেতা নিপন গোস্বামীৰ বাসভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

Pc facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ছবি জগতৰ স্বনামধন্য অভিনেতা সদ্যপ্ৰয়াত নিপন গোস্বামী আৰু প্ৰথিতযশা চিত্ৰশিল্পী সদ্যপ্ৰয়াত নীলপৱন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি যশস্বী অভিনেতা নিপন গোস্বামীৰ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে৷ বহুকেইখন অসমীয়া চলচ্ছিত্ৰত হৃদয়স্পৰ্শী আৰু মননশীল চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল এই অভিনেতাগৰাকীয়ে৷ শৈশৱৰে পৰা নিবিড় সম্পৰ্ক থকা প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেখেতৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ‘নিপন দাৰ লগত সৰুতে মই ‘ককাদেউতা নাতি আৰু হাতী’ চলচ্ছিত্ৰত অভিনয় কৰিছিলোঁ আৰু সেই সময়ত নিপন দাৰ সৈতে প্ৰায় এমাহ নগাঁৱত একেলগে আছিলোঁ৷ মৃত্যুৰ পূৰ্বেও তেখেত মোৰ তাত আহিছিল, বিশেষ কিছুমান কথা আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে অসমৰ ৰাইজে এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতাক হেৰুৱালে৷ বিশেষকৈ যি ধৰণে নিপন গোস্বামী, বিজু ফুকনক আমাৰ প্ৰজন্মটোৱে জানিছিল আৰু তেওঁলোকৰ ইমান প্ৰতিভা আছিল৷ হয়তো সেই সময়ত ভাল সুযোগ-সুবিধা পালে তেখেতসকলে অসমৰ পৰিৱেশেই সলনি কৰিলে হয়৷ আজি ভাল পৰিৱেশ আহিছে৷ আগতে সেই পৰিৱেশ নাছিল৷ তেখেতৰ বিয়োগত জাতিৰ এটা অপূৰণীয় ক্ষতি হ’ল৷’

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰথিতযশা চিত্ৰশিল্পী, ‘অসম সৌৰভ’ বঁটাপ্ৰাপক নীলপৱন বৰুৱাৰ গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত বাসগৃহত উপস্থিত হয়। তাত  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে৷ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী চিত্ৰশিল্পীয়ে নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি অসমৰ কলাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেখেতৰ অৱদান স্মৰণীয় হৈ ৰ’ব বুলি মন্তব্য কৰাৰ লগতে শিল্পী বৰুৱাৰ সৃষ্টি-কৰ্মক পৰিয়ালে যি ধৰণে বিচাৰে, সেইদৰেই সংৰক্ষণত চৰকাৰে সহযোগ কৰিব বুলি প্ৰকাশ কৰে।