সত্ৰীয়া সংস্কৃতিৰ সাধক
হৰেকৃষ্ণ মহন্ত
গোপাল জালান
বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তই আজি ৯৭ বছৰ বয়সত মহাপ্ৰস্থান কৰিলে৷ ওদালগুৰি অঞ্চলৰ কিংবদিন্তস্বৰূপ এইগৰাকী সত্ৰাধিকাৰে বিগত কে’বাদশক ধৰি বৃহত্তৰ অঞ্চলটোত সত্ৰ স্থাপনৰ জৰিয়তে সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছিল৷ হৰেকৃষ্ণ মহন্তই বহুতো ঘাত-প্ৰতিঘাত নেওচি জিলাখনত ৩৩খন সত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ সবাতোকৈ উল্লেখযোগ্য কথা হ’ল যে আটাইকেইখন সত্ৰৰ প্ৰায়সংখ্যক ভকতেই হ’ল বড়ো, ৰাভা, গাৰো, আদিবাসী সম্প্ৰদায়ৰ৷ বৰপেটা অথবা মাজুলীৰ দৰে কোনো এটা অঞ্চলৰ সাদৃশ্য নথকা এই অঞ্চলটোত সত্ৰ স্থাপন কৰি মহন্তই এটা কথা প্ৰমাণ কৰিলে যে আদৰ্শৰে সকলোকে আকৰ্ষিত কৰিব পাৰি৷ বিটিএডি অঞ্চলত এনে সত্ৰ স্থাপনেৰে লোকসকলক আকৰ্ষিত কৰিব পৰাটো একপ্ৰকাৰ জীৱনৰ বৃহৎ সাফল্য বুলিয়ে ক’ব লাগিব৷ জিলাখনত খোজ পেলোৱা দিনৰেপৰাই মহাপ্ৰস্থানৰ সময়লৈকে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে চিৰদিন সকলোৰে মনত সজীৱ হৈ থাকিব হৰেকৃষ্ণ মহন্ত৷ জনজাতীয় লোকসমৃদ্ধ এনে এটা অঞ্চলত গৈ গীত-পদ, খোল-তাল, নাগাৰা, মৃদংগৰ ধ্বনিৰে মুখৰিত কৰিব পৰাটোও কম কথা নহয়৷ তেওঁৰ আধ্যাত্মিক, মানসিক উত্তৰণ অনুকৰণীয়৷
এইজনা সত্ৰাধিকাৰৰ শৈশৱ, কৈশোৰ আৰু যৌৱনকাল বৰপেটা সত্ৰৰ বেষ্টনীতে অতিবাহিত হৈছিল৷ সেইবাবে তেওঁ কেৱলীয়া মতকে সাবটি আছিল৷ তেওঁৰ কাৰ্যাৱলীত নাই কোনো আধুনিকতাৰ প্ৰভাৱ৷ কেৱল সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰতে ব্যস্ত হৈ আছিল৷ আজিৰ যুগত এনে ধৰণৰ লোক পাবলৈ নাই৷ ১৯৫৩ চনত বৰঙাজুলিত সত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে ইষ্টদেৱ নবিশ বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্বাচিত হোৱাত নতুন সত্ৰখনৰ দায়িত্ব হৰেকৃষ্ণ মহন্তই গ্ৰহণ কৰে৷ খৈৰাবাৰী, ভেৰগাঁও, পুৰণি টংলা, খেলাপাৰা অঞ্চলত সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ ঘটাই নিজ দক্ষতাৰে বড়ো, ৰাভা লোকক শিষ্য হিচাপে গ্ৰহণ কৰি আহিছে৷
বৰঙাজুলিৰ দৰে এটা অঞ্চলত বিগত কে’বাদশক ধৰি সত্ৰীয়া সংস্কৃতি প্ৰচাৰত নিমগ্ন হৈ থকা মহন্তক বয়সে হাৰ মনাব পৰা নাছিল৷ কাৰণ পুৱা-গধূলি এইগৰাকী সত্ৰাধিকাৰৰ নেতৃত্বতে বাজি উঠে তাল, দবা, খোল, মৃদংগৰ ধ্বনি৷ চৌদিশে ইয়াৰ ধ্বনিয়ে সৃষ্টি কৰে এক মধুময় পৰিৱেশ৷ আধুনিকতাৰ ধামখুমীয়াত আজিও এনে পৰিৱেশে বিৰাজ কৰি থকাটো সঁচাকৈয়ে আদৰ্শনীয় বিষয়৷ এই সকলোবোৰৰ কৃতিত্ব আমি প্ৰয়াত হৰেকৃষ্ণ মহন্ত আতাক দিবই লাগিব৷
শংকৰদেৱৰ কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ আৰু বিস্তাৰৰ বাবে সাত দশক ধৰি অবিৰত যাত্ৰা অব্যাহত ৰখা এগৰাকী ব্যক্তিক সমাজে দিব লগা স্বীকৃতি আজিও দিয়া নাই৷ মহন্তৰ বাবে কৰ্মই হ’ল ধৰ্ম৷ তেওঁ ব্যক্তিগত প্ৰচাৰ নিবিচাৰিছিল৷ সদায় প্ৰচাৰৰপৰা আঁতৰি থাকি নীৰৱে কাম-কাজ কৰিবলৈহে তেওঁ আগ্ৰহী আছিল৷ তেওঁৰ বাবে প্ৰচাৰতকৈ কৰ্মহে ওপৰত৷ তেওঁ সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহুতো বাধা-বিঘিনি অতিক্ৰম কৰিবলৈ সদায় সাজু আছিল৷
আমিও আতাৰ পৰম ভক্ত আছিলো৷ আতাই আমাক দিক্দিৰ্শন দিছিল৷ বিভিন্ন সময়ত তেখেতৰ কাষলৈ গৈছিলো দিহা-পৰামৰ্শ বিচাৰি৷ মাজে- মাজে ফোন কৰি তেখেতৰ স্বাস্থ্যৰ খবৰো ৰাখিছিলো৷ আমি হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, অমৰজ্যোতি চৌধুৰী, ময়ূৰ বৰা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, নিতুমণি শইকীয়া আদি বিভিন্ন ক্ষেত্ৰৰ শ্ৰেষ্ঠ ব্যক্তিসকলক লৈ গৈছিলো তেখেতৰ ওচৰলৈ৷ তেওঁলোকে তেখেতৰ লগত বিভিন্ন কথা আলচ কৰিছিল৷ তেখেতৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ বৰ্ণনা শুনিছিল৷
হৰেকৃষ্ণ মহন্ত বিখ্যাত ব্যক্তি নহ’লেও তেওঁৰ কৰ্মৰাজি বিশ্ববিশ্ৰুত লোকসকলতকৈ কোনোগুণে কম নহয়৷ দৰাচলতে বৰঙাজুলিৰ দৰে ঠাই এখনলৈ গৈ কে’বাদশক পূৰ্বে সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰিবলৈ সক্ষম হোৱাটোৱে মহন্তৰ অনন্য কৃতিত্ব৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সমাজ গঢ়িবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰখা হৰেকৃষ্ণ মহন্তক ৰজাঘৰেও আজিলৈকে নাযাচিলে প্ৰাপ্য সন্মান৷ সমাজৰ মংগলৰ বাবে জীৱনৰ সকলো মূল্যৱান সময় অতিবাহিত কৰা এইগৰাকী আতাক যথাযোগ্য সন্মান প্ৰদান কৰাটো চৰকাৰৰো দায়িত্ব৷