সঁজাল ধৰা ৰোপিত শইচ – মৰমী আহমেদ, নলবাৰী 

P.C-The New Indian Express

 সঁজাল ধৰা ৰোপিত শইচ 

 পথাৰখনলৈ বুলি চকু ফুৰালেই
এতিয়া কেৱল দেখা পাওঁ
সঁজাল ধৰা ৰোপিত শইচ
সেউজী আভাৰে জিলিকি উঠা
সৌন্দৰ্য্যৰ চমকনি পৰি
হৃদয়ত বাজি উঠে
সপোনৰ এটি বিকট কিৰিলী
সৰু সৰু আলিবোৰৰ মাজত
ঠন ধৰি উঠা সেউজ কঠিয়াবোৰেই
সঁজাল ধৰে জোপোহা আকাৰে
ক্ৰমান্বয়ে বাঢ়ি গৈয়েই থাকে
সেউজীয়া বৰণেৰে আৱৰি ধৰা
সৌন্দৰ্য্যৰ সেই বিমুগ্ধ চাৱনি
প্ৰতি বছৰে সেউজী কাহিনী লিখা
কেঁচা পথাৰখনেই
আনি দিয়ে ধৰাৰ বুকুলৈ
সোণোৱালী সপোনৰ
সোণোৱালী সোণগুটি
কেঁচা মাটিৰ পৰশে নকৈ জীপাল কৰি তোলে
সঁজাল ধৰা ৰোপিত শইচৰ কাহিনী ,,,, ।