ষাঠিৰ জীয়া যৌৱন – দিলীপ কুমাৰ বৰা, কলিয়াবৰ

123RF

ষাঠিৰ জীয়া যৌৱন

দিলীপ কুমাৰ বৰা,
কলিয়াবৰ

সময় গতিশীল।

সময়ৰ সৈতে খোজ দিয়াতো আমাৰ জীৱনৰ মুখ্য কাম বুলি কওঁ যদিও বাস্তৱত ইয়াক কিমান কাৰ্য্যকৰী কৰো সেইয়া কেৱল নিজেইহে জানিব পাৰি।
 সময়ে আমাক লৈ যায়,আমাক শিকাই,পৈণত কৰাই..আমাক আমাৰ পৰা লৈ যায় আমি ক’ব নোৱাৰৈকে বহু দুৰলৈ।
শৈশৱৰ কথা বাদ দিওঁ।ষাঠি উৰ্দ্ধোৰ মোৰ দৰে সকলৰ যৌৱনৰ সেই দিনবোৰ বাৰু কেতিয়াবা মনত পৰেনে?
নিশ্চয় পৰে বা পৰিবই। এই দিন সোঁৱৰি অতীতক জোকাৰি চোৱাৰ সময় এটা দিনত সকলোৰে আহে। কাৰোবৰ আহি পৰিছে হয়তো অন্য কাৰোবাৰ সমাগত।
এইদিনক ৰোমন্থন কৰি অহা সকলে নিশ্চয় অনুভৱ কৰিছে কিমান যে তিতা মিঠা আছিল এৰি অহা দিনবোৰ….। এই সোঁৱৰণে এটা সময়ত বৰ আমনি কৰে (নিৰ্ভৰ কৰে বয়স অনুপাতে)। এনে লাগে যেন সেই দিনবোৰেই সুখৰ আছিল,জীৱনৰ মধুৰ সময় আছিল,জীৱন আছিল।সেই সময় সোঁৱৰণে
 পোৱা-নোপোৱাৰ দোমোজাত সকলোবোৰ লীন কৰি হৈ যায়,মনলৈ আহে মনতোত কুঠাঘাতও কৰে। তেজৰ সম্পৰ্কীয় বোৰ এফালে আৰু বন্ধু বুলি ভৱাসকলে দিয়া প্ৰতাৰণাই অন্তৰত কোবাই যায় আগৰ দৰেই।ঘাঁ বোৰ জীপাল হৈ যায় ঠিক পূৰ্বৰ দৰে।
 বিশেষকৈ, চাকৰিকালত  বিশ্বাসঘাটকতা কৰা সকলৰ ষড়যন্ত্ৰ পাহৰিব নোৱাৰি।”মোক কৰা অন্যায়ৰ ফল সিওঁ এদিন ভোগ কৰিব” বুলি নিজকে সান্ত্বনা দি ধৈৰ্য্য ধৰাটোও কম ডাঙৰ কথা নাছিল সেই সময়ত.. । অৱশ্যে এটা সময়ত কিছুলোকক দেখা যায় যি নিজ স্বাৰ্থসিদ্ধিৰ বাবে আনৰ কথা নাভাৱে, বন্ধুজনকেই মনোকষ্ট দিবলৈ কন্ঠাবোধ নকৰে। আনক ঠগি কম দিনতে টকাৰ পাহাৰ গঢ়া লোকে কৰা এনে প্ৰতাৰণাই আনজনক কিমান আঘাত হানে সেইয়া তেনেলোকে বাৰু নাভাৱে নে? তেনে লোকো যেতিয়া,কেতিয়াবা আনৰ ওচৰত পৰাজিত বা ঠগ খোৱাৰ পিছত,পূৰ্বতে নিজে কৰি অহা প্ৰতাৰণাৰ কথা ভাৱি অনুশোচনা কৰে….তাতেই শান্তি।ওৰ পৰে প্ৰথমজনৰ সান্ত্বনাৰ।সচাঁকৈয়েই,ভগৱানে যেন বিচাৰ কৰে!
কি নাই অতীতত..খুচৰি চালেই সুখ খুচৰি চালেই চকুপানী। তথাপি ই খুউব আপোন।
সময়ৰ সৈতে খোজ দি পিছলৈ উভটি চালো।এসোপা অতীত ৰোমন্থনৰ কবিতা দেখা পাই ৰৈ যোৱাৰ ইচ্ছা গ’ল যৌৱনত..
নোৱাৰিলো।নোৱাৰে কোনেও।
আমাৰ বাবে ৰোমন্থনেই উত্তম।
সেইবাবেই আজৰি পৰত সোৱৰো অতীত হাহোঁ কান্দো, নিজ অভিজ্ঞতাৰ পৰা পথ দেখুৱাবলৈ চেষ্টা কৰো অসহায় জনক।
 সময় গতিশীল..আমি গৈ আছো,আৰু পিছলৈ ঘূৰি যৌৱনবোৰ বোকোচাত ভৰাই গৈছো ভৰাই গৈছো..