শৰৎ কাল অতি বিতোপন – নাছিৰ আহমেদ

শৰৎ কাল অতি বিতোপন
নাছিৰ আহমেদ ,গোৱালপাৰা
ছটা ঋতুৰ ভিতৰত বসন্তক ঋতুৰ ৰাণী কোৱা হয় যদিও শৰৎ ঋতুৰ ফৰকাল আকাশৰ উজ্জ্বল জোন আৰু তাৰকাৰাজিৰ সৈতে ভাঁহি ভাঁহি যোৱা মেঘৰ ধেমালি বৰ্ষাৰ বৰষুণে ধুই জীপাল কৰি মাটিৰ বুকুৰ পৰা নিগৰিত শৰতৰ স্নিগ্ধ মধুৰ গোন্ধ, ৰঙীন সূৰুযৰ মধুৰ পৰশেৰে ৰাঙলী হোৱা গছ- লতা, তৰু-তৃণৰ স্বচ্ছ স্ফটিকৰ বৰ্ণালী , চৰাই-চিৰিকতি , জীৱ- জন্তু আৰু মানুহৰ প্ৰাণত শাৰদীয় নৃত্যৰ মনোমুগ্ধকৰ ৰূপত বিভোল হৈ অতীজৰে পৰা বৰ্তমানলৈকে ‌প্ৰাচ্য আৰু পাশ্চাত্যৰ  কবি- গীতিকাৰ, চিত্ৰকৰ- শিল্পী, দাৰ্শনিক আদিয়ে ৰং- ৰূপ- ৰস- তুলিকাৰে নানা ভাবে, নানা ভংগিমাৰে শৰৎ‌‌ কালৰ বিতোপন ৰূপ অংকন কৰিছে। যেনে – চিত্ৰকৰে ৰং আৰু তুলিকাৰে শৰতৰ সৌন্দৰ্য্যময় ৰূপ ছবিৰ মাজত বন্দী কৰিছে, খনিকৰে ৰং আৰু হাইতালেৰে শৰতৰ অমূৰ্ত ৰূপক মূৰ্ত ৰূপ দান কৰিছে। আনহাতে কবি – গীতিকাৰে আপোন মনৰ মাধুৰী সানি শৰতৰ বৈচিত্ৰময় ৰূপ বৰ্ণনা কৰিছে।
মহাকবি কালিদাসে ” শৰৎ” পংকজ,নয়না ৰাজলক্ষ্মী আদি নানা শুভ্ৰ উপাচাৰেৰে সজাই ন‌ – কইনা ৰূপত তেওঁ শৰতক বৰ্ণনা কৰিছে।
উপমা- অলঙ্কাৰৰ সহায়ত সীতাৰ প্ৰকৃত ৰূপ বৰ্ণনা কৰিবলৈ গৈ সংস্কৃত আলঙ্কাৰিক কবি ভট্টিয়ে শৰতৰ সৌন্দৰ্য্যময় ৰূপ ধুনীয়াকৈ বৰ্ণনা কৰিছে , এনেদৰে —–
” লতা জ্জলং যন্ন সুচাৰু পঙ্কজং ন
পংকজং তদ যদলীন ষট্ পদম ।
 ন ষদো পদো হসৌ ন জগুঞ্জ য‍ঃ কলং
ন গুজতং তন্ন জহাৰ ষন্ননঃ।”
অৰ্থাৎ এনেকুৱা সুন্দৰ শৰৎ কালত সৰোবৰৰ এনেকুৱা পানী নাই , য’ত মনোৰম পদুম নাই  ; এনেকুৱা পদুম ফুল নাই , য’ত ভোমোৰা নাই ; এনেকুৱা ভোমোৰা নাই, যি মধুৰ গুঞ্জন কৰা নাই  ; এনেকুৱা মধুৰ গুঞ্জন নাই, যি মানুহৰ মন আকৰ্ষণ কৰা নাই।